
কাছাৰ, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে আজি শিলচৰতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। শিলচৰ স্থিত প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগৰ সহকাৰী অভিযন্তা সহ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ– ছাত্ৰী সকলে এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা