শিৱসাগৰত আজি বিশ্ব পৰিবেশ দিৱস পালন
শিৱসাগৰ, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস । সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে মানব জাতিক সজাগ কৰিবলৈ আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। প্লাষ্টিক আৰু প্ৰদূষণমুক্ত এটা পৰিবেশ গঢ়ি তোলাৰ বাবে
শিৱসাগৰত আজি বিশ্ব পৰিবেশ দিৱস পালন


শিৱসাগৰ, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস । সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে মানব জাতিক সজাগ কৰিবলৈ আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। প্লাষ্টিক আৰু প্ৰদূষণমুক্ত এটা পৰিবেশ গঢ়ি তোলাৰ বাবে সমাজক সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে শিৱসাগৰত বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী আৰু বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ সহযোগত ৰামধেনু নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে বাটৰ নাট প্ৰদৰ্শন কৰে । প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত সমাজক সজাগ কৰিবৰ বাবে শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande