
মৰিগাঁও, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিৱেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে জাগীৰোডৰ মোহনবাঁশী দাস কনিষ্ঠ মহাবিদ্যালয়তো পালন কৰা হয় এই বিশেষ দিনটো ৷ স্বেচ্ছাসেৱী সংগঠন প্ৰাগজ্যোতি কমিউনিকেশ্যনৰ উদ্যোগত পালন কৰা পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ফলমূল আৰু ঔষধি গছপুলি ৰোপণৰ পিছতে উলিওৱা হয় পৰিৱেশ সজাগতামূলক শোভাযাত্ৰা ৷
প্ৰায় ৭ শতাধিক ছাত্ৰছাত্ৰীৰে মহাবিদ্যালয়খনৰ পৰা উলিওৱা শোভাযাত্ৰা ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ পৰিৱেশ সংক্ৰান্তীয় দিশ সমূহ পৰ্যালোচনা কৰে ৷ ইয়াৰ পিছতে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় পৰিৱেশ সজাগতামূলক বিভিন্ন প্ৰতিযোগিতা ৷ মুকলি সভাত কেইবাগৰাকীও পৰিৱেশ বিজ্ঞানীয়ে ছাত্ৰছাত্ৰী সকলৰ সৈতে কৰে মত বিনিময় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা