উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কত বিস্তৃত সেউজ কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস ২০২৬ উদযাপন
গুৱাহাটী, ০৫ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই “প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। জলবায়ুৰ সুৰক্ষা আৰু আমাৰ উজ্জ্বল ভৱিষ্যতৰ শীৰ্ষক বিষয়বস্তুৰ অধীনত ১৫ মে’ৰ পৰা ০৫ জুন ২০২৬ লৈকে ইয়াৰ সমগ্ৰ মণ্ডল আৰু ইউনিটত পৰিৱেশ সজাগতা আৰু এক ধাৰাবাহিক বহনক্ষম কাৰ্য
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কত বিস্তৃত সেউজ কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস ২০২৬ উদযাপন


গুৱাহাটী, ০৫ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই “প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। জলবায়ুৰ সুৰক্ষা আৰু আমাৰ উজ্জ্বল ভৱিষ্যতৰ শীৰ্ষক বিষয়বস্তুৰ অধীনত ১৫ মে’ৰ পৰা ০৫ জুন ২০২৬ লৈকে ইয়াৰ সমগ্ৰ মণ্ডল আৰু ইউনিটত পৰিৱেশ সজাগতা আৰু এক ধাৰাবাহিক বহনক্ষম কাৰ্যসূচীৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱস ২০২৬ উদযাপন কৰে । এই অভিযানৰ সময়ছোৱাত ৰেলৱে কৰ্মচাৰী, যাত্ৰী, ছাত্ৰ-ছাত্ৰী, স্কাউটছ আৰু গাইডছ, সামাজিক সংগঠন আৰু জনসাধাৰণে পৰিৱেশ সংৰক্ষণ তথা বহনক্ষম উন্নয়নক উৎসাহিত কৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ০৫ জুন ২০২৬ তাৰিখে আয়োজিত কাৰ্যসূচীত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সকলো মণ্ডল আৰু ইউনিটৰ বিষয়া-কৰ্মচাৰীয়ে ৰে'লৱে ব'ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সতীশ কুমাৰৰ নেতৃত্বত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে । উদযাপনৰ সময়চোৱাত অংশগ্ৰহণকাৰীসকলে সামূহিকভাৱে পৰিৱেশৰ ৰক্ষাৰ ওপৰত শপত গ্ৰহণ কৰে আৰু পৰিৱেশ সুৰক্ষা, জলবায়ুৰ গতিবিধি তথা বহনক্ষম উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে। অভিযানৰ অংশ হিচাপে ৰেলৱে ষ্টেচন, ৰেলৱে চিকিৎসালয়, ৰেলৱে কল’নী, কাৰ্যালয় চৌহদ, ৱৰ্কশ্বপ, কৰ্মশালা প্ৰতিষ্ঠান, ৰে’লপথ, ৰে’লগাড়ী আৰু উত্তৰ-পূব সীমান্ত ৰেলৱে নেটৱৰ্কৰ অধীনৰ অন্যান্য ৰেলৱে প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ কাৰ্যসূচী, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, সজাগতা সমদল, আলোচনা সভা, নুক্কড় নাটক, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসচেতনতামূলক বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়।

পৰিৱেশৰ বাবে জীৱনশৈলীৰ সৈতে সংগতি ৰাখি পানী সংৰক্ষণ, পানীৰ দক্ষ ব্যৱহাৰ, শক্তি সঞ্চয়, আৱৰ্জনা পৃথকীকৰণ, ই-আৱৰ্জনা ব্যৱস্থাপনা, পুনঃব্যৱহাৰ আৰু কম্পোষ্টিং সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই পদক্ষেপসমূহে ৰে'ল কৰ্মচাৰী, যাত্ৰী আৰু সাধাৰণ জনসাধাৰণৰ মাজত বহনক্ষম জীৱনশৈলী আৰু পৰিবেশ-সচেতন আচৰণ গঢ়ি তোলাত সহায় কৰে। ইয়াৰ উপৰিও এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস আৰু পৰিবেশ-অনুকূল বিকল্প সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতা অভিযান চলোৱা হয়।

এই উদযাপনৰ অংশ হিচাপে ৰেলৱে ষ্টেচন, ৰেলগাড়ী, ৰেল কল’নী, চিকিৎসালয় আৰু কাৰ্যালয় প্ৰাঙ্গণত ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱা হয় যাতে পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তুলিব পৰা যায়। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ৰেলৱে হেল্থ ইউনিট, কাৰ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযানো চলোৱা হয়। মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় প্ৰাঙ্গনত স্কাউটছ আৰু গাইডছসকলে পৰিৱেশ সুৰক্ষা আৰু প্লাষ্টিক প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দ্যেশ্যে নুক্কড় নাটক পৰিৱেশন কৰে। ৰেলৱে কৰ্মচাৰী আৰু জনসাধাৰণৰ মাজত জুট বেগ, কাপোৰৰ বেগ আৰু জৈৱ-পচনশীল ধৰণৰ বিভিন্ন পৰিৱেশ-হিতৈষী বিকল্প সামগ্ৰী বিতৰণ কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই পৰিবেশ-অনুকূল বিভিন্ন পদক্ষেপৰ জৰিয়তে এক পৰিষ্কাৰ, সেউজীয়া আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande