জোনাইত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু বন্যহস্তীৰ
ধেমাজি, ০৫ জুন (হি.স.)। জোনাইত আজি বিশ্ব পৰিৱেশৰ দিনাই সংঘটিত হ''ল এক অঘটন। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু এটি বন্যহস্তীৰ। জানিব পৰামতে পুৱতি নিশা প্ৰায় ২বজাত জোনাইৰ লুহিজান গাঁৱৰ পূৰ্বেশ্বৰ কছাৰী নামৰ ব্যক্
জোনাইত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু বন্যহস্তীৰ


ধেমাজি, ০৫ জুন (হি.স.)। জোনাইত আজি বিশ্ব পৰিৱেশৰ দিনাই সংঘটিত হ'ল এক অঘটন। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু এটি বন্যহস্তীৰ। জানিব পৰামতে পুৱতি নিশা প্ৰায় ২বজাত জোনাইৰ লুহিজান গাঁৱৰ পূৰ্বেশ্বৰ কছাৰী নামৰ ব্যক্তিজনৰ ভঁৰাল ভাঙি ধান খাবলৈ লওঁতে ভঁৰালত সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় বন্য দঁতাল হাতীটো।

মৃত বন্যহস্তীটোৰ বয়স প্ৰায় ৫০ বছৰৰ বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ বন্যহস্তীয়ে ওলায় আহি ভঁৰালৰ ধানৰ লগতে বাৰীৰ বিভিন্ন শস্য সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰি উপদ্ৰৱ কৰি আহিছে। ঘটনা সন্দৰ্ভত জোনাই বন বিভাগক কেইবাবাৰো অভিযোগ দি অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

তেনে ক্ষেত্ৰত নিশা ওলাই অহা বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গাওঁখনৰ ৰাইজে ভঁৰাল বা নিজ নিজ ঘৰৰ আগে পিছে বিদ্যুত সংযোগ কৰি পোহৰৰ ব্যৱস্থা কৰা হৈছিল। এই কাৰণত ব্যক্তিজনৰ ভঁৰালত বন্যহস্তীটো ধান খাবলৈ লওঁতে পোহৰৰ ব্যৱস্থাৰ বাবে সংযোগ কৰি ৰখা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু জোনাই বনবিভাগে উপস্থিত হৈ বন্যহস্তীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande