তামুলপুৰত ব্যাপকভাৱে বিশ্ব পৰিৱেশ দিৱস পালন
তামুলপুৰ, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে আজি তামুলপুৰ জিলাতো বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ বাক্সা জিলা ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত তামুলপুৰ জিলাৰ আঙাৰকাটা-ঢেকীয়াবস্তিত আয়োজিত দিনজোৰা কেন্দ্ৰীয় কাৰ
তামুলপুৰত ব্যাপকভাৱে বিশ্ব পৰিৱেশ দিৱস পালন।


তামুলপুৰত ব্যাপকভাৱে বিশ্ব পৰিৱেশ দিৱস পালন।


তামুলপুৰ, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে আজি তামুলপুৰ জিলাতো বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ বাক্সা জিলা ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত তামুলপুৰ জিলাৰ আঙাৰকাটা-ঢেকীয়াবস্তিত আয়োজিত দিনজোৰা কেন্দ্ৰীয় কাৰ্যসূচীৰ পুৱা ভাগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰণে। বাক্সা জিলা ভূমি সংমণ্ডল বিষয়া তফিকুৰ ৰহমানে আঁত ধৰা আৰু আদৰণী ভাষণ আগবঢ়োৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো পৰিচালনা কৰে বিটিচি ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালক মনদ্বীপ চুতীয়াই।

অনুষ্ঠানত বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনোৱাৰ পাছতেই বিভাগীয় বিভিন্ন উন্নয়নমূলক আঁচনিৰ এক আভাস দাঙি ধৰা হয় আৰু কেবাটাও গুৰুত্বপূৰ্ণ বিভাগীয় প্ৰকল্পৰ ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে মুখ্য অতিথি তথা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। উদ্বোধনী ভাষণত উপাধ্যক্ষ নাৰ্জাৰীয়ে দিনটোৰ ঐতিহাসিক তাৎপৰ্য বাখ্যা কৰি কয় যে গছ থাকিলেহে মানুহৰ অস্তিত্ব থাকিব। বনাঞ্চল ধ্বংস হোৱাৰ বাবেই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মূল্যৱান চেগুন গছ ৰোৱাৰ আহ্বান জনায় আৰু চুবুৰীয়া ভূটানৰ দৰে কঠোৰ পৰিৱেশ আইনৰ প্ৰসংগও উত্থাপন কৰে। ইয়াৰ লগতে তেওঁ অঞ্চলটোত প্ৰায় ১০০ বিঘা মাটিত পাৰ্ক নিৰ্মাণ, ৪০ কোটি টকাৰে পথ-দলং নিৰ্মাণ, পাঁচটাকৈ পুখুৰী খন্দা আৰু পাহাৰপুৰ-পাটকীজুলিত সুচল পানী যোগানৰ দৰে চৰকাৰী উন্নয়নমূলক কামৰ খতিয়ান ডাঙি ধৰে। অনুষ্ঠানত জিলা আয়ুক্ত চিমি কৰণে জীৱকূলৰ অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দি পেলনীয়া সামগ্ৰী পৃথক কৰিবলৈ পচনশীল আৰু অপচনশীল আৱৰ্জনাৰ বাবে দুটা সুকীয়া ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ আৰু পুৰণি উপযোগী কাপোৰ দুখীয়া লোকক দান কৰিবলৈ ৰাইজক আহ্বান জনায়। আনহাতে, তামুলপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে বৰষুণৰ বতৰত বিদ্যালয় আৰু কাৰ্যালয়সমূহত বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা দৰ্শাই কয় যে গছে খহনীয়া ৰোধ কৰাৰ লগতে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি প্ৰকৃতিৰ ভাৰসাম্য অটুত ৰাখে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ দিৱসৰ উপৰি নিজৰ নিজৰ জন্মদিনত একোডালকৈ গছপুলি ৰোৱাৰ এক সুন্দৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীয়ে নিজৰ স্কুলীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰি কয় যে ধান খেতিৰ পৰা পিন্ধা-ওৰালৈকে সকলো প্ৰকৃতিৰ অৱদান, গতিকে পৰিৱেশ সুৰক্ষিত নহ’লে মানুহ জীয়াই থকা অসম্ভৱ। অনুষ্ঠানত ভাগ লৈ 'মিছ ইউনিভাৰ্ছ অসম' খিতাপধাৰী পিংকি বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সম্পৰ্কে সজাগ হ'বলৈ আহ্বান জনায়।

কাৰ্যসূচীৰ শেষৰ ফালে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা বিতৰণ কৰা হয় আৰু বাক্সা জিলা ভূমি সংৰক্ষণ সংমণ্ডল বিষয়া অঞ্জনজ্যোতি ডেকাই শলাগৰ শৰাই আগবঢ়ায়। আজিৰ এই সফল অনুষ্ঠানত ৰাইজিং ষ্টাৰ একাডেমীৰ পৰিচালন সঞ্চালক মইনুল হক চৌধুৰী, ফেকাল্টী সদস্যদ্বয় চানছুমা বসুমতাৰী আৰু ধীৰাজ কলিতা, সমাজকৰ্মী দীপক শইকীয়া, নচিউৰ ৰহমান, ভূমি সংৰক্ষণ বিভাগৰ পঞ্জীয়ক নয়ন তালুকদাৰ, বিপিএফৰ সাংগঠনিক সম্পাদক কেশৱ চন্দ্ৰ ৰাজবংশী, প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, জমিৰুদ্দিন আহমেদ, সঞ্জীৱ বড়ো, দৰঙা এছএছবিৰ সহকাৰী কমাণ্ডেণ্ট ৰাহুল সিং, এছএছবিৰ পৰিদৰ্শক মুকেশ কৰন আদিকে ধৰি কেবাগৰাকীও ছাত্ৰ-ছাত্ৰী তথা স্থানীয় গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande