
জয়পুৰ, ০৫ জুন (হি.স.)। ৰাজস্থানৰ জয়পুৰ ভ্ৰমণলৈ অহা উগাণ্ডাৰ এগৰাকী ১৯ বছৰীয়া বিদেশী মহিলাৰ ইব’লা ভাইৰাছৰ দৰে লক্ষণ দেখা গৈছে। ৰাজস্থান স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ছানীক। যি সময়ত এতিয়াও সংক্ৰমণ নিশ্চিত হোৱা নাই, আৰু পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, ৰাজস্থানৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগক সতৰ্ক কৰি দিয়া হৈছে।
মহিলাগৰাকী শুকুৰবাৰে পুৱা এয়াৰ আৰৱৰ বিমানেৰে শ্বাৰজাহ হৈ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ নিয়মীয়া চিকিৎসা পৰীক্ষাৰ সময়ত চিকিৎসা আৰু স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ দলে তেওঁক সন্দেহযুক্ত বুলি চিনাক্ত কৰে। উগাণ্ডা ভ্ৰমণৰ ইতিহাস আৰু স্বাস্থ্যজনিত লক্ষণসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক তৎক্ষণাত বিশেষ প্ৰট’কলৰ অধীনত আৰ ইউ এইচ এছ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আৰ ইউ এইচ এছ হাস্পতালৰ অধীক্ষক ডাঃ অনিল গুপ্তাই কয় যে মহিলাগৰাকীৰ জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, ভোক হেৰুৱাৰ অভিযোগ আছিল। প্ৰাথমিক পৰীক্ষাত ইব’লা সংক্ৰমণৰ লগত সামঞ্জস্যপূৰ্ণ কিছুমান লক্ষণ দেখা গৈছিল যদিও কেৱল লক্ষণক ইব’লা বুলি ধৰিব নোৱাৰি। লেবৰ ৰিপৰ্টৰ পিছতহে সংক্ৰমণৰ নিশ্চিতকৰণ সম্ভৱ হ’ব। চিকিৎসাৰ বাবে চিকিৎসা, গেষ্ট্ৰ’এণ্টেৰ’লজী, অস্ত্ৰোপচাৰ, শ্বাস-প্ৰশ্বাসজনিত চিকিৎসা, জৈৱ ৰসায়নকে ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দল গঠন কৰা হৈছে। ৰোগীজনক ২৪ ঘণ্টাই নিৰীক্ষণ কৰাৰ বাবে চিকিৎসক, নাৰ্চিং ষ্টাফ, আৰু অন্যান্য কৰ্মচাৰীক বিশেষ কৰ্তব্য নিৰ্ধাৰণ কৰা হৈছে।
আৰ ইউ এইচ এছৰ অধ্যক্ষ ডাঃ মোহনীছ গ্ৰভাৰে জনোৱা মতে, যুৱতীগৰাকীৰ এটা নমুনা পৰীক্ষাৰ বাবে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি)লৈ প্ৰেৰণ কৰা হৈছে, আনহাতে দ্বিতীয়টো নমুনা ৪৮ ঘণ্টাৰ পিছত প্ৰেৰণ কৰা হ’ব। দুয়োটা পৰীক্ষাৰ ফলাফল নোপোৱালৈকে ৰোগীজনক কোৱাৰেণ্টাইন কৰি পৃথকীকৰণ কৰা হ’ব। যদি ফলাফল পজিটিভ হয় তেন্তে প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি ২১ দিনলৈ নিৰীক্ষণ আৰু চিকিৎসা কৰা হ’ব। ডাঃ গ্ৰভাৰে উল্লেখ কৰে যে যুৱতীগৰাকীক কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। সংক্ৰমণৰ কোনো আশংকা ৰোধ কৰিবলৈ বিশেষ বেৰিকেড আৰু পৃথক কৰিডৰ ব্যৱহাৰ কৰা হৈছিল। ৰোগীজনক আৰ ইউ এইচ এছৰ ক্ৰিটিকেল কেয়াৰ ব্লকৰ জৰুৰীকালীন আইছ’লেশ্যন এৰিয়াত ভৰ্তি কৰা হৈছে।
স্বাস্থ্য বিভাগে যুৱতীগৰাকীৰ সৈতে যাত্ৰা কৰা আন যাত্ৰীসকলক চিনাক্ত কৰি সতৰ্কতামূলক স্বাস্থ্য নিৰ্দেশনা জাৰি কৰিছে। বিষয়াসকলে পৰামৰ্শ দিছে যে যদি কোনো যাত্ৰীয়ে জ্বৰ, মূৰৰ বিষ, বমি, ডায়েৰিয়া, বা আন সন্দেহজনক লক্ষণ দেখা দিয়ে তেন্তে তেওঁলোকে তৎক্ষণাত স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব লাগে। ইব’লাক লৈ জনসাধাৰণৰ আশংকা বৃদ্ধি পোৱাৰ মাজতে আৰ ইউ এইচ এছৰ অধ্যক্ষ ডাঃ মোহনীশ গ্ৰভাৰে স্পষ্ট কৰি দিয়ে যে এই ৰোগ বায়ুমণ্ডলীয় নহয়। তেওঁ কয় যে এই সংক্ৰমণ পৰিবেশৰ মাজেৰে বিয়পি পৰে বুলি জনসাধাৰণৰ মাজত এক ভুল ধাৰণা আছে, যিটো বৈজ্ঞানিকভাৱে ভুল বুলি প্ৰমাণিত হৈছে।
ডাঃ গ্ৰ’ভাৰৰ মতে সংক্ৰমিত ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শ, তেওঁলোকৰ শৰীৰৰ তৰল পদাৰ্থ, ছাল, ঘাঁ বা হাঁচি আৰু কাহৰ সময়ত নিৰ্গত হোৱা টোপালৰ ফলত সংক্ৰমণৰ আশংকা হয়। গতিকে স্বাভাৱিক পৰিস্থিতিত আতংকিত হোৱাৰ প্ৰয়োজন নাই যদিও সাৱধানতা আৰু সতৰ্কতা প্ৰয়োজন। বৰ্তমান এইটো এটা সন্দেহজনক গোচৰহে। পুনেস্থিত এন আই ভিৰ পৰা পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে যুৱতীগৰাকী ইব’লা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেয়া স্পষ্ট হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া