মাজুলী গোৱালাবাৰী মিচিং গাৱঁত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন
মাজুলী, ০৫ জুন (হি.স.)। মাজুলী গোৱালাবাৰী মিচিং গাৱঁত কালি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। গাড়ী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। এএছ ০২ এক্স ০৪৭৮ নম্বৰ চাৰিচকীয়া ৱেগনাৰ বাহন আৰু এএছ ০৩পি ৮৪৩৪ নম্বৰৰ মটৰচাইকেল খন পথ দূৰ্ঘটনাত পতিত হয়।গো
মাজুলী গোৱালাবাৰী মিচিং গাৱঁত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন


মাজুলী, ০৫ জুন (হি.স.)। মাজুলী গোৱালাবাৰী মিচিং গাৱঁত কালি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। গাড়ী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। এএছ ০২ এক্স ০৪৭৮ নম্বৰ চাৰিচকীয়া ৱেগনাৰ বাহন আৰু এএছ ০৩পি ৮৪৩৪ নম্বৰৰ মটৰচাইকেল খন পথ দূৰ্ঘটনাত পতিত হয়।গোৱলাবাৰী মিচিং গাওঁ হৈ ঘৰলৈ বুলি স্বামী- স্ত্ৰী গৈ থাকোতে বিপৰিত দিশৰ পৰা তীব্ৰ বেগত অহা মটৰ চাইকেল খনে গাড়ী খনত খুণ্ডা মাৰি গাড়ী খনৰ সন্মুখৰ গ্লাছ খনৰ ওপৰত বাইক আৰোহী যুৱক দুজন পৰি যায়।

ফলত মটৰ চাইকেলত অহা আৰোহী দুজন আহত হৈছে। আনহাতে সামান্য পৰিমানে আহত হৈছে গাড়ীত অহা মহিলা গৰাকী। হেলমেট পৰিধান কৰা নাছিল মটৰ চাইকেলত অহা যুৱক দুজনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande