
নগাঁও, ০৫ জুন (হি.স.)। জখলাবন্ধা আৰক্ষীৰ কালি নিশা লাভ কৰে এক বৃহৎ সফলতা। এক গোপন সুত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে কুকুৰাকাটা পাহাৰৰ পৰা খেদি খেদি আটক কৰিবলৈ সক্ষম হয় দুজন ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ১১টাকৈ সন্দেহজনক ড্ৰাগছৰ কন্টেনাৰৰ লগতে জব্দ কৰে দুটাকৈ ম'বাইল ফোন ।
সৰবৰাহকাৰী কেইজনক জখলাবন্ধা আৰক্ষী থানা এলেকাৰ আকাশ গুপ্তা আৰু আনজনক ৰোচতম সৰকাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুয়োজনৰ পৰা আৰক্ষীয়ে ২.১৫গ্ৰাম সন্দেহজনক ড্ৰাগছ জব্দ কৰে। কলিয়াবৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ সৰবৰাহ বৃদ্ধি পোৱাৰ লগতে সষ্টম হৈ আছে জখলাবন্ধা আৰক্ষী প্ৰশাসনো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ