
নলবাৰী, ০৫ জুন (হি.স.)। নলবাৰী জিলাৰ মুকালমুৱা গংগাপুৰত মাধুৰ্য্য বৰ্মন আৰু মৃদুমুদ্ৰা বৰ্মনক আক্ৰমন কৰা স্থানত কালি বৃহস্পতিবাৰে সন্ধিয়া মাধুৰ্য্য বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আক্ৰমণ কৰা স্থানত পুনৰ জয় শ্ৰী ৰাম ধ্বনি, হিন্দু হিন্দু ভাই ভাই, জেহাদি শক্তি নিপাত যাওক জেহাদি শক্তি হুচিয়াৰ আদি ধ্বনিৰে উত্তাল হৈ পৰে গংগাপুৰ।
ৰোজ খানৰ ঘৰত বুলডোজাৰ চলাই ভাঙি দিয়াৰ আহ্বান জনায় প্ৰশাসনক। আছিফ আলি (ৰোজ খানৰ) লগত আৰু তিনি চাৰিজন জড়িত থকা বুলি দাবি কৰে বিশ্ব হিন্দু পৰিষদ বজ্ৰং দলে। বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতি আৰু গংগাপুৰ ৰাইজৰ সহযোগত মাধুৰ্য্য বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি আৰু মৃদুমুদ্ৰা ডেকাৰ আৰোগ্য কামনা কৰে ৰাইজে। বিশ্ব হিন্দু পৰিষদ, বজ্ৰং দলৰ সেৱক সকলৰ লগতে গংগাপুৰবাসী ৰাইজে জনালে শ্ৰদ্ধাঞ্জলি । মাধুৰ্য্য বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি জনালে নলবাৰী আৰক্ষী অধিক্ষক বিবেকানন্দ দাসৰ লগতে অতিৰিক্ত আয়ুক্ত কৌস্তুভ ৰয়ে। লগতে লাওপাৰা ৰঘুনাথ চৌধাৰী ছোৱালী নাগাৰা নামৰ দলৰ দ্বাৰা নাম কীৰ্তন পৰিৱেশন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ