
তিনিচুকিয়া, ০৫ জুন (হি.স.)। তিনিচুকীয়াত পুনৰ গৰজি উঠিছে মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠীৰ ৰাইজ । মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠীৰ কেউটা সংগঠনে ঘোষণা কৰা ৪৮ ঘণ্টা তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পেলাইছে তিনিচুকীয়া চহৰত । মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী বিধায়কক মন্ত্ৰীত্ব প্ৰদান নকৰা ক্ষোভত মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী কেউটা সংগঠনৰ যৌথ উদ্যোগত আজি পুৱা ৫বজাৰ পৰা ৪৮ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছে ।
আজি পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা বন্ধই স্থবিৰ কৰিছে তিনিচুকীয়া জিলা ।ঠাইয়ে ঠাইয়ে আবদ্ধ কৰিছে বাণিজ্যিক যানবাহন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ