
যোৰহাট, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে যোৰহাট জিলা টীয়কৰ জাঁজীমুখৰ ওপৰ শগুণপৰাস্থিত জুবিন সেউজ চাপৰিত উদযাপন কৰিছে বিশ্ব পৰিবেশ দিৱস।
যোৱা ২৫ এপ্ৰিল তাৰিখে অঞ্চলৰ একাংশ প্ৰকৃতিপ্ৰেমী নৱপ্ৰজন্মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত এই চাপৰি স্থাপন কৰি তেতিয়াৰে পৰা প্ৰতিদিনে অহৰহ গছপুলি ৰোপণ কৰি আছে।
আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষত তেওঁলোকৰ লগতে অঞ্চলৰ কেইবাখনো বিদ্যালয়,সামাজিক অনুষ্ঠানৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হাজাৰ হাজাৰ গছপুলি ৰোপণৰ কৰিছে ব্যৱস্থা।
ইতিমধ্যে জুবিন গাৰ্গৰ পৰিবাৰ গৰিমা গাৰ্গ আজি কিছু দিনৰ পূৰ্বে উক্ত চাপৰিত উপস্থিতি হৈ গছপুলি ৰোপণ কৰাৰ লগতে চাপৰিটো সুন্দৰকৈ সজাই তুলিবলৈ আগবঢ়ালে পৰামৰ্শ।
প্ৰকৃতি সুৰক্ষাৰ লগতে জুবিন গাৰ্গক অমৰ কৰাৰ অৰ্থে প্ৰথম পৰ্যায়ত ১০,০০০ গছপুলি ৰোপণৰ পৰিকল্পনাৰে আগবাঢ়ি ইতিমধ্যে প্ৰায় ৬০০০ গছপুলি ৰোপণ কৰাৰ লগতে অঞ্চলটোৰ পূৰ্বৰ ঐতিহ্য বহন কৰা শিমলু গছ ৰোপণত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু এই পদক্ষেপে জাঁজীমুখৰ জৈৱ-বৈচিত্ৰ সজীৱ কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰিছে এইসকল নৱপ্ৰজন্মই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু