১৮ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপঃ শ্বুটআউটত চীনৰ হাতত পৰাস্ত, ফাইনেলৰ সপোন ভংগ
কাকামিগহাৰা (জাপান), ০৫ জুন (হি.স.)ঃ ভাৰতীয় ১৮ বছৰ অনুৰ্ধ মহিলা হকী দলৰ ফাইনেলত প্ৰৱেশৰ সপোন শুকুৰবাৰে এখন ৰোমাঞ্চকৰ খেলত ছিন্নভিন্ন হৈ পৰে। মহিলা ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলত ভাৰতে চীনক কঠোৰ যুঁজ দিছিল যদিও ৰেগুলেশ্যন টাইমত ২-২ গ’
भारतीय अंडर 18 महिला हॉकी टीम


কাকামিগহাৰা (জাপান), ০৫ জুন (হি.স.)ঃ ভাৰতীয় ১৮ বছৰ অনুৰ্ধ মহিলা হকী দলৰ ফাইনেলত প্ৰৱেশৰ সপোন শুকুৰবাৰে এখন ৰোমাঞ্চকৰ খেলত ছিন্নভিন্ন হৈ পৰে।

মহিলা ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৬ৰ ছেমি ফাইনেলত ভাৰতে চীনক কঠোৰ যুঁজ দিছিল যদিও ৰেগুলেশ্যন টাইমত ২-২ গ’লত সমতা স্থাপন কৰাৰ পিছত শ্বুটআউটত ১-৩ গ’লত পৰাস্ত হয় ভাৰতে। ইয়াৰ লগে লগে চীনে ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ গ’লটো তৃতীয় মিনিটত নৌশীন নাজে আৰু ৫৪ মিনিটত কিৰণ এক্কাই গ’ল দিয়ে। চীনৰ হৈ ২৪ মিনিটত লি জেয়ানে আৰু ৪৮ মিনিটত জাং ইউজেঙে গ’ল দিয়ে।

মেচখন উজ্জ্বলভাৱে আৰম্ভ কৰিলে ভাৰতে। তৃতীয় মিনিটত অধিনায়ক ছুইটি কুজুৰৰ উজ্জ্বল পাছৰ পাছত নৌশীন নাজে চক্ৰৰ ভিতৰৰ পৰা এটা শক্তিশালী শ্বট দি ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলে সুযোগ সৃষ্টি কৰিছিল যদিও আৰু কোনো গ’ল দিয়া নহ’ল।

দ্বিতীয় কোৱাৰ্টাৰত ২১ মিনিটত চীনক পেনাল্টি কৰ্ণাৰ দিয়া হয় যদিও ভাৰতীয় গ’লৰক্ষক মেহক পাৰিহাৰে এক উজ্জ্বল ছেভ কৰে। অৱশ্যে ২৪ মিনিটত ভাৰতীয় ডিফেন্সিভ ভুলৰ মূলধন হিচাপে লি জেয়ানে ফিল্ড গ’ল দিয়ে।

তৃতীয় কোৱাৰ্টাৰত চীনে বেছিভাগ সময় নিয়ন্ত্ৰণ বজাই ৰাখিছিল যদিও ভাৰতীয় খেলুৱৈসকলে শক্তিশালী ডিফেন্স খেলিছিল। ভাৰতেও একেৰাহে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল, কিন্তু অগ্ৰগতি লাভ কৰিব নোৱাৰিলে।

চতুৰ্থ কোৱাৰ্টাৰত ৪৮ মিনিটত পেনাল্টি কৰ্ণাৰ যোগে চীনে অগ্ৰগতি লাভ কৰে। প্ৰাৰম্ভিক ইন্টাৰচেপচনৰ পিছত ৰিবাউণ্ডত জাং ইউজেঙে গ’ল দি স্ক’ৰ ২-১ কৰে।

অৱশ্যে ভাৰতীয় দলটোৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰি ৫৪ মিনিটত কিৰণ এক্কাৰ জৰিয়তে পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰি মেচখন ২-২ গ’লত সমতা স্থাপন কৰে। ৰেগুলেচন টাইমত আৰু কোনো গ’ল নোহোৱাৰ বাবে শ্বুটআউটৰ জৰিয়তে মেচখন নিৰ্ণয় কৰা হয়।

শ্বুটআউটত চীনৰ গ’লৰক্ষক লিউ জুৱে কিছু সুন্দৰ ছেভ কৰি ৩-১ গ’লত জয়লাভ কৰে। চীনৰ হৈ লু টং টং, গে চেন, আৰু গুও জিয়াক্সিনে গ’ল দিয়াৰ বিপৰীতে ভাৰতৰ হৈ কেৱল সন্দীপা কুমাৰীয়েহে গ’ল দিয়ে।

ভাৰতীয় দলটোৱে এতিয়া ৬ জুনত পুৱা ৯:৩০ বজাত ব্ৰঞ্জৰ পদক মেচত জাপান আৰু কোৰিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত পৰাজিত দলৰ বিৰুদ্ধে খেলিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande