৭ জুনত দিল্লী প্ৰ’ ভলীবল লীগৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল, প্ৰথম পৰ্যায়ৰ সফলতাৰ পিছত পৰিসৰ বৃদ্ধি
নতুন দিল্লী, ০৫ জুন (হি.স.)। প্ৰথম পৰ্যায়ৰ সফল পৰিচালনাৰ পিছত শুকুৰবাৰে দিল্লী প্ৰ’ ভলীবল লীগে দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল ঘোষণা কৰে। ৭ জুন দেওবাৰে পুৱা ৮:০০ বজাৰ পৰা দিল্লীৰ কাৰ্কাৰডুমাৰ লক্ষ্মী পাব্লিক স্কুলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষ
दिल्ली प्रो वॉलीबॉल लीग के फेज-2 ट्रायल्स


নতুন দিল্লী, ০৫ জুন (হি.স.)। প্ৰথম পৰ্যায়ৰ সফল পৰিচালনাৰ পিছত শুকুৰবাৰে দিল্লী প্ৰ’ ভলীবল লীগে দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল ঘোষণা কৰে। ৭ জুন দেওবাৰে পুৱা ৮:০০ বজাৰ পৰা দিল্লীৰ কাৰ্কাৰডুমাৰ লক্ষ্মী পাব্লিক স্কুলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা।

লীগৰ প্ৰথম পৰ্যায়ৰ ট্ৰাইয়েলে খেলুৱৈসকলৰ পৰা আপ্লুত সঁহাৰি লাভ কৰে। আয়োজকসকলৰ মতে, কনফাৰ্মেচন কল পোৱা খেলুৱৈসকলৰ মাজত ১০০% উপস্থিতি ৰেকৰ্ড কৰা হৈছে, যিয়ে লীগৰ প্ৰথম ছিজনৰ প্ৰতি খেলুৱৈসকলৰ উৎসাহক প্ৰতিফলিত কৰে।

ডিভিভিএলে এতিয়া দিল্লীৰ বাহিৰলৈ উত্তৰ ভাৰতৰ অন্যান্য ৰাজ্যলৈ প্ৰতিভা অনুসন্ধান প্ৰক্ৰিয়া সম্প্ৰসাৰিত কৰিছে। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, ৰাজস্থান, হিমাচল প্ৰদেশ, চণ্ডীগড়, জম্মু-কাশ্মীৰকে ধৰি সাতখন ৰাজ্য আৰু অঞ্চলৰ খেলুৱৈক দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

উদ্যোক্তাসকলে আশা কৰিছে যে উত্তৰ ভাৰতৰ বহু উদীয়মান ভলীবল প্ৰতিভাই এই পৰ্যায়ত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব।

সকলো ট্ৰাইল ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচিত খেলুৱৈসকলে অফিচিয়েল খেলুৱৈ নিলামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, য’ত লীগৰ ছটা ফ্ৰেঞ্চাইজি দলে নিজ নিজ দল নিৰ্বাচন কৰিব।

দিল্লী প্ৰ’ ভলীবল লীগে নিজকে ভাৰতৰ প্ৰথম মহিলা নেতৃত্বাধীন পেছাদাৰী ভলীবল লীগ হিচাপে স্থান দিছে। লীগৰ লক্ষ্য হৈছে খেলুৱৈসকলৰ বাবে এক গাঁথনিগত মঞ্চ সৃষ্টি কৰা, প্ৰতিভা বিকাশৰ প্ৰসাৰ কৰা, আৰু ভলীবললৈ অধিক পেছাদাৰী স্বীকৃতি অনা।

চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লী ভলীবল এছ’চিয়েশ্যন আৰু দিল্লী অলিম্পিক এছ’চিয়েশ্যনৰ সহযোগত মুকলি কৰা এই লীগে ভলীবলক ভাৰতৰ নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈৰ বাবে শক্তিশালী সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande