গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ন-দিছিয়াল গাৱত চাঞ্চল্যকৰ চুৰিকাণ্ড
শিৱসাগৰ, ৫ জুন (হি.স.)। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ন-দিছিয়াল গাৱত চাঞ্চল্যকৰ চুৰিকাণ্ড । শিক্ষক দম্পতীৰ বাসগৃহত চোৰে লুট কৰিলে প্ৰায় পোন্ধৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ।দেবেন নেওঁগ নামৰ শিক্ষকজনৰ বাসগৃহত দিন দুপৰতে চোৰে প্ৰৱেশ কৰি
গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ন-দিছিয়াল গাৱত চাঞ্চল্যকৰ চুৰিকাণ্ড


শিৱসাগৰ, ৫ জুন (হি.স.)। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ন-দিছিয়াল গাৱত চাঞ্চল্যকৰ চুৰিকাণ্ড । শিক্ষক দম্পতীৰ বাসগৃহত চোৰে লুট কৰিলে প্ৰায় পোন্ধৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ।দেবেন নেওঁগ নামৰ শিক্ষকজনৰ বাসগৃহত দিন দুপৰতে চোৰে প্ৰৱেশ কৰি সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন লুট কৰি নিয়ে।শিক্ষক দম্পতী বিদ্যালয়লৈ যোৱাৰ সুযোগতে চোৰে চুৰি কাৰ্য সংঘটিত কৰে।

চাদৰ ওপৰৰ পৰা চোৰে ঘৰৰ ভিতৰচৰাত প্ৰৱেশ কৰি লোহাৰ আলমাৰীৰ লকাৰ ভাঙি সোণৰ আ-অলংকাৰ লুট কৰাৰ লগতে নগদ ধন লুট কৰে।চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ উপৰিও ঘৰৰ সমস্ত সামগ্ৰী লণ্ড ভণ্ড কৰি পকী মজিয়াত পিক পেলাই থৈ যায়।চুৰি কাৰ্য সংঘটিত হোৱাৰ সময়ত শিক্ষক দম্পতী বিদ্যালয়ত থকাৰ লগতে একমাত্ৰ কন্যা কলেজলৈ গৈছিল।বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পাছতহে শিক্ষক দম্পতী চুৰি কাণ্ডৰ বিষয়ে অৱগত হয়।ঘটনা স্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande