৬-৭ জুনত বিদিশা চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব বিনামূলীয়া কৰ্কট ৰোগ পৰীক্ষা শিবিৰঃ শিৱৰাজ
নতুন দিল্লী, ০৫ জুন (হি.স.)। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী তথা বিদিশা সংসদীয় সমষ্টিৰ সংসদ সদস্য শিৱৰাজ সিং চৌহানে শুকুৰবাৰে ঘোষণা কৰে যে অঞ্চলটোৰ বাসিন্দাসকলক উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে অহা ৬ আৰু ৭ জুনত বিদিশা চিকিৎসা মহাবি
केन्द्रीय मंत्री शिवराज सिंह चौहान


নতুন দিল্লী, ০৫ জুন (হি.স.)। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী তথা বিদিশা সংসদীয় সমষ্টিৰ সংসদ সদস্য শিৱৰাজ সিং চৌহানে শুকুৰবাৰে ঘোষণা কৰে যে অঞ্চলটোৰ বাসিন্দাসকলক উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে অহা ৬ আৰু ৭ জুনত বিদিশা চিকিৎসা মহাবিদ্যালয়ত বিশেষ বিনামূলীয়া কৰ্কট ৰোগ পৰীক্ষা আৰু পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা হ’ব।

তেওঁ উল্লেখ কৰে যে এই শিবিৰত মুম্বাইৰ সন্মানীয় টাটা মেম’ৰিয়েল কেন্সাৰ হাস্পতালৰ লগতে এইমছ ভোপালৰ বিশেষজ্ঞ চিকিৎসকে তেওঁলোকৰ সেৱা আগবঢ়াব। এই শিবিৰৰ সময়ত ৰোগীসকলক আধুনিক কেন্সাৰ পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হ’ব। আগতীয়াকৈ ধৰা পৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজন অনুসৰি বিশেষ পৰীক্ষাও কৰা হ’ব। বিশেষজ্ঞসকলে পৰামৰ্শৰ জৰিয়তে অধিক চিকিৎসা আৰু প্ৰয়োজনীয় চিকিৎসা পদ্ধতি সম্পৰ্কেও বিতং নিৰ্দেশনা প্ৰদান কৰিব।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিৱৰাজ সিং চৌহানে কয় যে আৰ্থিক অসুবিধা বা তথ্যৰ অভাৱত কোনো লোকক গুণগত চিকিৎসা সুবিধাৰ পৰা বঞ্চিত হ’ব নালাগে। কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ কথা ক’লেই মানুহ প্ৰায়ে ভয় খাই পৰে যদিও সজাগতা, সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। শিৱৰাজ সিং চৌহানে কয় যে কৰ্কট ৰোগ প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰিলেহে সফল চিকিৎসা সম্ভৱ। সময়মতে ৰোগ নিৰ্ণয় কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰাই নহয়, সমগ্ৰ পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰিব পাৰি।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande