
নগাঁও, ০৫ জুন (হি.স.)। ৰূপহীহাটৰ ৰেল ভূমিত দ্বিতীয়বাৰ উচ্ছেদৰ বাবে সাজু জিলা প্ৰশাসন। চাপৰমুখৰ ৰেল বিভাগৰ লোকে ৰূপহীৰ ৰেলৰ মাটি খালি কৰাৰ নিৰ্দেশ। গড়াজানৰ হাবিবুৰ ৰহমান ওৰফে হাবু নামৰ লোকজনে ৰেল মাটিৰ ভাড়া বিচৰাৰ অভিযোগ। তিনিলাখ টকা আগধন আৰু মাহিলী ২০হাজাৰকৈ টকা বিচাৰে হাবিবুৰ ৰহমানে। হাবিবুৰ ৰহমানক টকা নিদিয়াত বাচি বাচি ৰেলৰ মাটি খালি কৰাৰ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ।
ৰূপহী ৰেল ষ্টেচনৰ ওচৰত পকা ঘৰ অট্টালিকা নিৰ্মাণ কৰি ব্যৱসায় প্ৰতিষ্ঠান চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। হাবিবুৰ ৰহমান ওৰফে হাবুয়ে ৰেল বিভাগৰ ভূমিৰ দ পুখুৰী জলাশয় সমূহ লিজত লৈ ওখ স্থানত বাহুবল প্ৰয়োগ কৰি দখল কৰাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে পূৰ্বতেও ৰূপহীৰ ৰেলৰ মাটিত চলিছিল উচ্ছেদ।
পুনৰাই একাংশই বেদখল কৰি আহিছে। হাবিবুৰ ৰহমানে ৰেলৰ মাটিত বহিবলৈ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। আনফালে ৰেলৰ মাটিত গুদাম ঘৰ নিৰ্মাণ কৰি দীৰ্ঘ দিন ধৰি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে হাবিবুৰ ৰহমানৰ বিৰুদ্ধে। প্ৰায় এশ বছৰ ধৰি বসবাস কৰি খাজনা দি অহা লোক সকলক হাবিবুৰ ৰহমানৰ নেতৃত্বত উচ্ছেদৰ যো-জা আৰম্ভ কৰা বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ