
কামৰূপ, ০৫জুন (হি.স.)। অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে ৰঙিয়া । চুৰি,ডকাইতি প্ৰতিনিয়ত ঘটনাত পৰিণত হৈছে। ৰঙিয়াত পুনৰ ডকাইতি কাণ্ড। ৰঙিয়াত ডকাইতিৰ নতুন কৌশল। বান্দৰ কেকোৱা লগাই লুট কৰিলে ২৯ হেজাৰ টকা নগদ ধন। ৰঙিয়া নগৰৰ ইউকো বেংকৰ সন্মুখত সংঘটিত হৈছে উক্ত ঘটনা।
নলবাৰী ঘগ্ৰাপাৰৰ বিমান কলিতাই বেংকৰ পৰা ধন উলিয়াই পথ অতিক্ৰম কৰিব লওঁতেই ডকাইতে দিঙিত লগাই দিয়ে বান্দৰ কেকোৱা। তাৰ পাছতেই প্ৰচণ্ড খজুৱতিত উপায়ন্তৰ হৈ নিজৰ পইছাৰ বেগটো ওচৰৰ এখন চকীত থয়। নিমিষতে বেগটো লৈ উধাও হয় ডকাইত। ঘটনাস্থলীত উপস্থিত হৈ ৰঙিয়া আৰক্ষী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা