জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা
বাইক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।
জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা


বাইক চালকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ।

ধেমাজি, ০৫ জুন (হি.স.): ধেমাজি জিলাৰ জোনাইৰ জোনকাৰেংস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জোনাইৰ পৰা ধেমাজি অভিমুখে গৈ থকা এএছ ২৩ এজি ৩৯৬৯ নম্বৰযুক্ত এখন চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা নম্বৰ বিহীন এখন বাইকৰ মাজত হোৱা সংঘৰ্ষ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

এই পথ দুৰ্ঘটনাত মটৰ চাইকেল চালকজন গুৰুতৰ বাবে আহত হোৱাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ সংকটজনক অৱস্থাত জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে চাৰিচকীয়া বাহনত থকা চালকৰ লগতে আৰোহীজন কিছু পৰিমাণে আঘাত পোৱা বুলি জানিব পৰা গৈছে। বাতৰি সংগ্ৰহ কৰা সময়লৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোক সকলৰ নাম ঠিকনা জানিব পৰা নাই। ইতিমধ্যে জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande