জোনাইত নাহৰ নৈৰ মাথাউৰি চিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত
ক্ষতিগ্ৰস্ত অঞ্চলটোৰ কেইবাখনো গাঁও।
জোনাইত নাহৰ নৈৰ মাথাউৰি চিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত


ধেমাজি, ০৫ জুন (হি.স.): ধেমাজি জিলাৰ জোনাইৰ অসম আৰু অৰুণাচল সীমান্ত অঞ্চলত বিগত দুদিন ধৰি অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত জোনাইৰ নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰবল সোঁতৰ চাপত ২নং অমৰপুৰ পাংগিং গাঁৱৰ সমীপত থকা মাথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ চিঙি যোৱাত বিস্তীর্ণ অঞ্চল বানপানীত প্লাৱিত হোৱা হৈছে।

হঠাৎ বৃদ্ধি পোৱা নাহৰ নৈৰ বাঢ়নী পানীয়ে মাথাউৰিৰ বৃহৎ অংশ উটুৱাই নিয়াত কেইবাখনো গাঁৱৰ কৃষি ভুমি জলমগ্ন হৈ পৰে। বিশেষকৈ ২নং অমৰপুৰ পাংগিং গাঁও, নাহৰ বিজুলি, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাওঁ জলমগ্ন হৈ পৰে । বানপানীৰ ফলত বিস্তীর্ণ কৃষিভূমি জলমগ্ন হোৱাৰ লগতে খেতি-বাতিৰ ব্যাপক ক্ষতি হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande