ৰঙিয়াত সংঘটিত হৈছে চুৰিৰ ঘটনা
কামৰূপ, ০৫ জুন (হি.স.)। ৰঙিয়াত চুৰিৰ ধাৰাবাহিকতা অব্যাহত । আৰক্ষীক খোলা চেলেঞ্জ দুৰ্বৃত্তৰ । ৰঙিয়াত এটাৰ পিছত আন এটা চুৰি কাণ্ডই অব্যাহত ৰাখিছে । স্থানীয় লোকসকলক উদ্বিগ্ন কৰি তুলিছে । দুৰ্বৃত্তই আৰক্ষী প্ৰশাসনক প্ৰত্যাহ্বান জনাইকে অপৰাধজনিত কাৰ্য চ
ৰঙিয়াত সংঘটিত হৈছে চুৰিৰ ঘটনা


কামৰূপ, ০৫ জুন (হি.স.)। ৰঙিয়াত চুৰিৰ ধাৰাবাহিকতা অব্যাহত । আৰক্ষীক খোলা চেলেঞ্জ দুৰ্বৃত্তৰ । ৰঙিয়াত এটাৰ পিছত আন এটা চুৰি কাণ্ডই অব্যাহত ৰাখিছে । স্থানীয় লোকসকলক উদ্বিগ্ন কৰি তুলিছে । দুৰ্বৃত্তই আৰক্ষী প্ৰশাসনক প্ৰত্যাহ্বান জনাইকে অপৰাধজনিত কাৰ্য চলাই গৈছে । শেহতীয়া ঘটনাটো সংঘটিত হৈছে ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ আই অ চি ত । আচৰিত কথা যে, ঘটনাস্থলীটো স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বাসগৃহৰ একেবাৰে কাষতে আৰু ৰেড হৰ্ণ ডিভিজনৰ সেনা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ নিচেই সমীপতে অৱস্থিত ।

মাজনিশা প্ৰায় ১ বজাত এজন দুৰ্বৃত্তই ডেকা ষ্টোৰৰ টিংপাত কাটি ভিতৰলৈ প্ৰৱেশ কৰে । মুখত টৰ্চ লাইট লৈ তেওঁ অতি সাহসেৰে কেচ বক্সৰ পৰা নগদ ধন লুট কৰে আৰু দোকানখনৰ ৰজনীগন্ধা আৰু চিগাৰেটৰ পেকেটসমূহ লৈ মাত্ৰ ১০ মিনিটৰ ভিতৰতে উধাও হৈ যায় । ঘটনাটো সম্পূৰ্ণৰূপে চিচিটিভি কেমেৰাত বন্দী হৈছে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । এই চুৰি কাণ্ডৰ পিছতে ৰঙিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । তেওঁলোকে আৰক্ষী প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । শেহতীয়াকৈ ৰঙিয়াত ধাৰাবাহিকভাৱে চুৰিৰ ঘটনা বৃদ্ধি পাইছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । স্থানীয় লোকসকলে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ দাবী জনাইছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande