
মুজাফ্ফৰাবাদ (পিঅ’কে), পাকিস্তান, ০৫ জুন (হি.স.)। সংঘীয় (ফেডাৰেল) চৰকাৰে পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰত ৯ জুনত যুটীয়া আৱামী একচন কমিটীয়ে প্ৰতিবাদ (ধৰ্মঘট)ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অতিৰিক্ত অসামৰিক সশস্ত্ৰ বাহিনী আৰু আৰক্ষী জোৱান মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সূত্ৰৰ উদ্ধৃতি দি দুনিয়া নিউজে প্ৰকাশ কৰা অনুসৰি ১০০০ পঞ্জাব ৰেঞ্জাৰ আৰু ২০০০ ফ্ৰন্টিয়াৰ কনষ্টেবলৰীৰ জোৱানক পিঅ’কেলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ উপৰিও ইছলামবাগ আৰক্ষীৰ ২০০০ আৰু ১০০০ সিন্ধ আৰক্ষী বিষয়াকো পিঅ’কত নিয়োজিত কৰা হ’ব। পর্যটকক সতৰ্কবাণীও জাৰি কৰিছে পিঅ’কে চৰকাৰে।
৫ জুনৰ পৰা ২০ জুনলৈকে প্ৰদেশখনত প্ৰৱেশ নকৰিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা হাত সাৰিবলৈ পিঅ’কে চৰকাৰে জনসাধাৰণক আহ্বান জনাইছে।পৰ্যটন বা অন্যান্য উদ্দেশ্যত অঞ্চলটোলৈ যোৱাৰ পৰিকল্পনা কৰাসকলক ভ্ৰমণ পিছুৱাই দিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে উপদেশত উল্লেখ কৰিছে যে প্ৰতিবাদৰ সম্ভাৱনীয়তাৰ বাবে মানুহে ভ্ৰমণ পৰিহাৰ কৰিব লাগে। বৰ্তমান অঞ্চলটোত থকা পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলক ৫ জুনৰ সন্ধিয়াৰ ভিতৰত যাত্ৰা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
চৰকাৰে লগতে সকীয়াই দিয়ে যে প্ৰতিবাদৰ আহ্বানে সমগ্ৰ পিঅ’কেত পৰ্যটন কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। বিষয়াসকলে উল্লেখ কৰে যে পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সতৰ্কতামূলক ব্যৱস্থা হিচাপে জনসাধাৰণৰ আন্দোলনত সম্ভাৱ্য প্ৰতিবাদ আৰু ব্যাঘাতৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ পৰামৰ্শ জাৰি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া