
গুৱাহাটী, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু বিজেপি ৰাজ্যিক সমিতিয়ে যৌথ ভাৱে ৰাজ্যখনত ১ কোটি ২ লাখ গছপুলি ৰোপণেৰে সেউজী অসম নিৰ্মাণৰ বাবে পৰিৱেশ ৰচনা কৰিলে । ভাৰতীয় জনতা পাৰ্টিৰ ২৮ হাজাৰ বুথ সমিতিয়ে প্রতি বুথত ৫ জোপাকৈ, দলৰ ৬৫ লাখ কার্যকর্তাই প্রত্যেকে ১ জোপাকৈ আৰু অসমৰ প্রতিটো আত্ম সহায়ক গোটৰ সদস্যসকলে ২ জোপাকৈ গছপুলি ৰোপণ কৰি ৰাজ্যখনত ১ কোটি ২ লাখতকৈও অধিক গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ উদযাপন কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ২০২১ চনৰ পাছৰে পৰা সমগ্ৰ অসমৰ বনাঞ্চলসমূহৰ ক্ষেত্ৰফল বৃদ্ধিৰ লক্ষ্যৰে অবৈধ দখলকাৰীৰ কবলৰ পৰা মুকলি কৰিবৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে। সমগ্র অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গছপুলি ৰোপণৰ জৰিয়তে সেউজীয়া কৰিবৰ কাৰণে চেষ্টা কৰিছে। একে সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত দলৰ সকলো কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বে গছপুলি ৰোপণৰ এক সংস্কৃতি গঢ়ি তুলিছে। দলৰ সকলো কাৰ্যসূচীৰ পূর্বে গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাঙ্গনত গছপুলি ৰোপণ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেউজ ধৰণী সৃষ্টি কৰিবৰ বাবে মুখ্যমন্ত্ৰী আৱাস গৃহত গছপুলি ৰোপণ কৰে। সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ ২৮ হাজাৰ বুথ সমিতিৰ লগতে ৬৫ লাখ কার্যকর্তাই নিজ নিজ অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ১ কোটি ২ লাখ গছপুলি ৰোপণৰ লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ বাবে সকলোকে অবিনন্দন জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
লগতে শইকীয়াই আজি ৰোপণ কৰা গছপুলি সমূহ ভালদৰে প্ৰতিপাল কৰি অসমক সেউজীয়া কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী