
হোজাই, ০৫ জুন (হি.স.): হোজাই জিলাৰ লংকাত আৰক্ষীয়ে অব্যাহত ৰাখিছে গাঞ্জা বিৰোধী অভিযান । ইয়াৰ মাজতে যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা অভিযানত পুনৰ গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে এজন সৰবৰাহকাৰী ।
লংকা ৰে'ল ষ্টেচনৰ সমীপত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমানৰ গাঞ্জা । গ্ৰেপ্তাৰ কৰা হৈছে আগৰতলাৰ ৰবি দেৱবৰ্মা নামৰ এজন সৰবৰাহকাৰীক । আগৰতলা পৰা কাঞ্চনজংঘা ৰে'ল খনত অনা হৈছিল গাঞ্জাখিনি । উল্লেখ্য যে লামডিঙ সম-জিলা আৰক্ষী অধীক্ষক পল্লৱ নাথৰ নেতৃত্বত লংকা আৰক্ষীয়ে এই অভিযান চলাইছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ