
তিনিচুকীয়া, ০৫ জুন (হি.স.)। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ' । জনতাৰ মাজত আতংক। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত ওলাইছে বাঘ!
তাতে আকৌ ঢেকিয়াপতীয়া বাঘ। জয়পুৰ বাঘমৰা অঞ্চলত স্থানীয় ব্যক্তিয়ে তোলা এই ভিডিঅ ভাইৰেল হোৱাৰ পিছত আজি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জয়পুৰ আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা তথা বনবিভাগৰ দল উক্ত স্থানত উপস্থিত হয়।
অঞ্চলটোত উপস্থিত হৈ বাঘৰ পদচিহ্ন পৰীক্ষা কৰাৰ লগতে ভাইৰেল হোৱা ভিডিঅ পৰীক্ষা কৰাৰ অন্তত সুনিশ্চিত হয় যে, এইটো এটা নাহৰফুটুকী বাঘৰ পোৱালিৰ ভিডিঅ' ।
উল্লেখযোগ্য যে, ২০০৩ চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চৰাত সংস্থাপন কৰা কেমেৰাত এজনী ঢেকীয়াপতীয়া মাইকী বাঘিনীৰ ফটো আৱদ্ধ হৈছিল। তাৰ পৰৱৰ্তী সময়ত এইপৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ
দাঁতিকাষৰীয়া অঞ্চলত নাহৰফুটুকী বাঘৰ বিপৰীতে ঢেকীয়াপতীয়া বাঘ দেখা পোৱা নাই বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা