
কাঠমাণ্ডু, ০৫ জুন (হি.স.)। জেন জি আন্দোলনৰ গোচৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰামৰ্শৰ বিৰুদ্ধে নেপালৰ বিৰোধী দল ইউএমএল (ইউনাইটেড)ৰ নেতৃত্বত প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে আদালতলৈ যোৱাৰ সিদ্ধান্ত লৈছে।
যোৱা বছৰৰ ৮ আৰু ৯ ছেপ্টেম্বৰত জেন জি আন্দোলনৰ সময়ত সংঘটিত হোৱা ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাত দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। শুকুৰবাৰে দলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেলে আয়োগৰ পৰামৰ্শক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। দলটোৱে কয় যে আয়োগৰ প্ৰতিবেদনত গুৰুতৰ বাস্তৱিক, আইনী আৰু বিশ্লেষণাত্মক প্ৰশ্নৰ আওতাত আছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী অলি, প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখৰ আদিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আয়োগৰ পৰামৰ্শত বিশেষভাৱে আপত্তি প্ৰকাশ কৰে ইউএমএলে। তেওঁলোকে কয় যে প্ৰতিবেদনখনে তেতিয়াৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, আৰু যোগাযোগ মন্ত্ৰীৰ প্ৰত্যক্ষ ভূমিকা, প্ৰত্যক্ষ আদেশ বা কোনো অপৰাধমূলক দায়িত্ব প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হৈছে। ইয়াৰ পিছতো প্ৰতিবেদনখনে ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া যেন লাগে, যিটো নিজৰ মাজতে গভীৰভাৱে পৰস্পৰ বিৰোধী আৰু অযুক্তিকৰ।
দলটোৱে কয় যে প্ৰতিবেদনৰ কিছুমান সিদ্ধান্ত আৰু পৰামৰ্শ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ভৱিষ্যতৰ ৰাজনৈতিক প্ৰতিযোগিতাৰ বাবে নজিৰ হিচাপে ব্যৱহাৰ কৰাৰ আশংকা আছে। গণতন্ত্রত ৰাজনৈতিক প্রক্রিয়াৰে ৰাজনৈতিক প্রতিযোগিতা সমাধান কৰিব লাগিব বুলি উল্লেখ কৰে ইউ এম এলৰ৷ আইনী ব্যৱস্থাক ৰাজনৈতিক প্ৰতিযোগিতাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। যদিহে প্ৰমাণ আৰু আইনতকৈ ৰাজনৈতিক ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি কাৰ্য্যৰ পৰম্পৰা আৰম্ভ হয়, তেন্তে ই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে।
লগতে আয়োগৰ ওচৰত আনুষ্ঠানিক আপত্তি দাখিল কৰি প্ৰতিবেদনৰ পুনৰীক্ষণ বিচাৰিব বুলিও ঘোষণা কৰিছে দলটোৱে। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে যদি সাংবিধানিক প্ৰশ্ন উত্থাপন হয় তেন্তে ন্যায়িক পৰ্যালোচনাৰ বাবে আদালতৰ কাষ চাপিব আৰু প্ৰয়োজন হ’লে উপলব্ধ সকলো আইনী বিকল্প ব্যৱহাৰ কৰিব। আয়োগৰ প্ৰতিবেদন আৰু ইয়াৰ পৰামৰ্শৰ সাংবিধানিক, আইনী, আৰু বাস্তৱিক দিশসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ আইনী বিশেষজ্ঞ আৰু বিষয় বিশেষজ্ঞৰ অধ্যয়ন গোট গঠনৰ কথাও ঘোষণা কৰিছে ইউএমএলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া