
কাঠমাণ্ডু, ০৫ জুন (হি.স.)। ভাৰতৰ আনুষ্ঠানিক ভ্ৰমণৰ বাবে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানাল। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নেপাল-ভূটান পৰিক্ৰমা (নৰ্থ ডেস্ক)ৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সচিব মনু মহাৱৰে তেওঁক আদৰণি জনায়।
নতুন দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী খানালে কয় যে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য আছিল দুয়োখন দেশৰ মাজত ভাগ-বতৰা কৰা স্বাৰ্থ আৰু নেপালৰ অগ্ৰাধিকাৰৰ ওপৰত অৰ্থপূৰ্ণ আলোচনাত মিলিত হোৱা।
ভাৰত ভ্ৰমণৰ সময়ত বৈদেশিক মন্ত্ৰী খানালে ভাৰতীয় সমকক্ষ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে আনুষ্ঠানিক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বৈঠকত নেপাল আৰু ভাৰতৰ মাজত পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ত বিতং আলোচনা হ’ব। বৈঠকৰ কাৰ্যসূচীত বিশেষভাৱে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, সংযোগ, শক্তি সহযোগিতা, আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণ আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ অংশ হিচাপে পৰিগণিত হোৱা এই ভ্ৰমণে নেপাল আৰু ভাৰতৰ কূটনৈতিক, ঐতিহাসিক, বহুমুখী সম্পৰ্ক আৰু অধিক গভীৰ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আস্থা প্ৰকাশ কৰে।
নিৰ্ধাৰিত সময় অনুসৰি অহা ৭ জুনত দেশলৈ উভতি আহিব বৈদেশিক মন্ত্ৰী শিশিৰ খানাল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া