
ডিব্ৰুগড়, ০৫ জুন (হি.স.)। ভাৰতবৰ্ষৰ সৰ্বাধিক উৎপাদনক্ষম প্ৰতিষ্ঠান অসম পেট্ৰকেমিকেল লিমিটেডৰ যুগান্তকাৰী পদক্ষেপ। প্ৰতিষ্ঠানটোৱে আৰু অধিক উৎপাদনৰ বাবে গুজৰাটত নিৰ্মাণ কৰিব নতুন প্ৰকল্প। দৈনিক এশ পঞ্চাছ টন উৎপাদন ক্ষমতাৰে ইলেক্ট্ৰলাইট মিথানল প্লান্ট গুজৰাটত নিৰ্মাণ কৰাৰ বাবে গুজৰাট চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ কথা অৱগত কৰে অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই।
ভাৰতবৰ্ষৰ ওপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটান নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি কৰে নাহৰকটীয়াৰ নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেডৰ উৎপাদিত সামগ্ৰী।অহা কালিলৈ বাংলাদেশৰ উপ উচ্চায়ুক্ত গৰাকীয়ে পৰিদৰ্শন কৰিব নাহৰকটীয়াৰ নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেড। তাৰ ফলত অসম পেট্ৰকেমিকেল লিমিটেডৰ উৎপাদিত সামগ্ৰীৰ মূল্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক তড়াম্বিত হ'ব বুলি উল্লেখ কৰে অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ