মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন
দৰং, ০৫ জুন (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন। মানাহ জীপ ছাফাৰি সংস্থা, মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ, দব্লিউ দব্লিউ এফ আৰু মিউজৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন


দৰং, ০৫ জুন (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

মানাহ জীপ ছাফাৰি সংস্থা, মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ, দব্লিউ দব্লিউ এফ আৰু মিউজৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত গছপুলি ৰোপন কৰা হয়।

গছ থাকিলেহে মানুহ থাকিব আপ্ত বাক্যশাৰী আগত ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ কাৰ্যসূচী সম্পৰ্কে উদ্যোক্তা সকলে সংবাদমাধ্যমৰ আগত মন্তব্য কৰি কয় যে গছ থাকিলেহে মানুহ তথা জীৱকুল বৰ্তি থাকিব। গতিকে আমি গছক ৰক্ষা কৰিব লাগে। সম্প্ৰতি উন্নয়নৰ নামত অবাধে হাজাৰ হাজাৰ গছ কটা হৈছে আৰু যাৰ ফলস্বৰূপে আমি লাভ কৰিছে কেতিয়াবা অনাবৃষ্টি আৰু কেতিয়াবা অতিবৃষ্টি তথা অতি গ্ৰীষ্মপ্ৰৱাহ। গতিকে সকলোৱে আজিৰ পৰা গছ ৰোৱাৰ পণ লব লাগে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande