
নতুন দিল্লী, ০৫ জুন (হি.স.)। ভাৰত চৰকাৰে তথাকথিত গিলগিট-বাল্টিস্তান বিধানসভাৰ বাবে ৭ জুনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ পাকিস্তানত তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে।
সমগ্ৰ কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য আৰু অভিন্ন অংগ বুলি ভাৰত চৰকাৰে দীৰ্ঘদিনীয়া স্থিতি দোহাৰে। ১৯৪৭ চনত তেওঁলোক সম্পূৰ্ণৰূপে, আইনীভাৱে আৰু অপ্ৰত্যাহাৰ্যভাৱে ভাৰতৰ সৈতে একত্ৰিত হৈছিল। তথাকথিত গিলগীট-বাল্টিস্তান এই ভূখণ্ডৰ এটা অংশ। পাকিস্তানৰ এনে প্ৰচেষ্টাই পাকিস্তানৰ অবৈধ দখলৰ অধীনস্থ অঞ্চলসমূহত গুৰুতৰ মানৱ অধিকাৰ উলংঘা, ৰাজনৈতিক দমন, অৰ্থনৈতিক শোষণ, স্বাধীনতা অস্বীকাৰ আদি অন্তৰ্নিহিত বিষয়বোৰ লুকুৱাই ৰাখিব নোৱাৰে বুলিও ভাৰতে জোৰ দিয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পাকিস্তানৰ অবৈধ দখলৰ অধীনত থকা ভূখণ্ডসমূহৰ বস্তুগত পৰিৱৰ্তনৰ যিকোনো প্ৰচেষ্টা সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। পাকিস্তানে এনে কাৰ্যৰ জৰিয়তে নিজৰ অবৈধ দখল লুকুৱাব নোৱাৰে আৰু সেইবোৰ খালী কৰিব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া