
শিৱসাগৰ, ০৫ জুন (হি.স.)। বহি: ৰাজ্যত কৰ্মস্থাপনৰ বাবে গৈ পুনৰ সন্ধানহীন শিৱসাগৰ এজন ব্যক্তি।২৫ দিন ধৰি সন্ধান নাই শিৱসাগৰ দিগন্ত শইকীয়াৰ ।১০ মে শিৱসাগৰ পৰা কৰ্মসংস্থাপন বাবে হায়দৰাবাদলৈ গৈছিল শিৱসাগৰ বানমুখ দিহিঙীয়া গাওঁৰ দিগন্ত শইকীয়া।বিজয়ৱাড়া ষ্টেচনৰ পৰা ছিকণ্ডৰাবাদ ষ্টেচনলৈ গৈ থকা অৱস্থাত ৰহস্যজনক ভাৱে নিৰুদ্দেশ হয় দিগন্ত শইকীয়া।
অভিযোগ অনুসৰি শিৱসাগৰ থানামুখৰ অজু দাস নামৰ এজন ব্যক্তি সৈতে হায়দৰাবাদলৈ গৈছিল দিগন্ত শইকীয়া।অজু দাসৰ ভাষ্য অনুসৰি বিজয়ৱাড়া ষ্টেচনত নিৰুদ্দেশ হয় দিগন্ত শইকীয়া।৩০ মেত শেষবাৰৰ বাবে মোবাইল অন হৈছিল দিগন্ত শইকীয়াৰ।শিৱসাগৰ সদৰ থানাত ২ খনকৈ এজাহাৰ দাখিল কৰাৰ পাছতো কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষীয়ে। ইয়াৰ উপৰিও বিজয়ৱাড়া থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ।বিজয়ৱাড়া আৰক্ষীৰ ভাষ্য অনুসৰি এই পৰ্যন্তলৈকে অসমৰ প্ৰায় ৪০ জন ব্যক্তি ৰহস্যজনক। ভাৱে নিৰুদ্দেশ হৈ আছে। কিন্তু আজিলৈকে কোনোধৰনৰ খৱৰ লাভ কৰিব পৰা নাই আৰক্ষীয়ে।
দিগন্ত শইকীয়াক উদ্ধাৰ কৰিব বাবে অসম চৰকাৰক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।এতিয়া প্ৰশ্ন হয় স্মাৰ্ট অসম আৰক্ষী বুলি সঘনাই গৌৰৱ কৰি থকা অসম চৰকাৰে কিয় উদ্ধাৰ কৰিব পৰা নাই বহি:ৰাজ্যত নিৰুদ্দেশ হোৱা ব্যক্তি সকলক ?
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ