তেজপুৰ লিচু উৎসৱ -২০২৬, ডুবাই– ছিংগাপুৰলৈ লিচুৰ ৰপ্তানি প্ৰক্ৰিয়া সম্পন্ন
–প্ৰধানমন্ত্ৰীলৈকো শোণিতপুৰ জিলা প্ৰশাসনৰ লিচু প্ৰেৰণ শোণিতপুৰ, ০৫ জুন (হি স)। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা তেজপুৰ পৌৰসভাৰ পৌৰপতি হৈ থকা সময়ত ১৯২৩ চনত তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা সুস্বাদু মঙহাল লিচুৱে যোৱা বছৰ এশ বছৰ অতিক্ৰম
তেজপুৰ লিচু উৎসৱ -২০২৬, ডুবাই– ছিংগাপুৰলৈ লিচুৰ ৰপ্তানি প্ৰক্ৰিয়া সম্পন্ন


–প্ৰধানমন্ত্ৰীলৈকো শোণিতপুৰ জিলা প্ৰশাসনৰ লিচু প্ৰেৰণ

শোণিতপুৰ, ০৫ জুন (হি স)।

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা তেজপুৰ পৌৰসভাৰ পৌৰপতি হৈ থকা সময়ত ১৯২৩ চনত তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা সুস্বাদু মঙহাল লিচুৱে যোৱা বছৰ এশ বছৰ অতিক্ৰম কৰাত আৰম্ভ কৰা লিচু উৎসৱ এইবাৰ দ্বিতীয় বাৰ্ষিক বৰ্ণাঢ্য আয়োজন কাইলৈ শনিবাৰৰ পৰা দুদিনীয়াকৈ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগনৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত হ'ব । ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে এই লিচু উৎসৱৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ তেজপুৰৰ লিচু ৰপ্তানি প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰি তুলিছে ভাৰত চৰকাৰৰ ৰপ্তানি প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থকা এপিডা (APEDA) ই ।

উল্লেখ্য যে বিগত সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা লণ্ডনলৈ লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰাৰ পিছত এইবাৰ তেজপুৰ লিচু উৎসৱ -২০২৬ ৰ লগত সংগতি ৰাখি এপেডাই কাইলৈ ডুবাইলৈ এক টন সুস্বাদু লিচু ৰপ্তানি কৰাৰ লগতে দুটা দিনৰ পিছত ছিংগাপুৰলৈ ৫০০ কেজি লিচু ৰপ্তানি কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বুলি এপে়ডাৰ বিষয়াই জানিবলৈ দিছে । আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেজপুৰৰ লিচুৰ সোৱাদ লৈ প্ৰশংসা কৰাৰ পিছত এইবাৰো শোণিতপুৰ জিলা প্ৰশাসনে কাইলৈ দিনটোত প্ৰধানমন্ত্ৰী গৰাকীলৈ বিভিন্ন জাতৰ বুজন পৰিমাণৰ লিচু প্ৰেৰণ কৰাৰ প্ৰস্তুতিৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এইবাৰৰ লিচু উৎসৱত বিশেষ চৰকাৰী ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত মুখ্যমন্ত্ৰী গৰাকীলৈকো তেজপুৰৰ সুস্বাদু লিচু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে ভাৰতীয় ডাক বিভাগে কাইলৈ প্ৰথম দিনটোতে তেজপুৰৰ লিচুক লৈ এটি বিশেষ ক'ভাৰ উন্মোচন কৰাৰ সিদ্ধান্তৰ লগতে বহি:ৰাজ্যলৈ এটা দিনৰ পিছতেই ডাক বিভাগৰ জৰিয়তে লিচু প্ৰেৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত কালিৰে পৰা উদযাপন সমিতিৰ সৈতে জড়িত বিষয়ববীয়াই ডাক বিভাগৰ এই সুবিধা ব্যৱহাৰ কৰাত এটা দিনৰ পিছতেই বহুতে তেজপুৰৰ লিচু লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে তেজপুৰ লিচু উৎসৱৰ দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বহু বিশিষ্ট ব্যক্তি তেজপুৰত উপস্থিত হোৱাৰ লগতে এই উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰিবলৈ লোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অংশ গ্ৰহণকাৰী সকলে আজি বিয়লিৰ পৰা তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আখৰাৰে চূড়ান্ত প্ৰস্তুতি সম্পন্ন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande