
শিৱসাগৰ, ০৫ জুন (হি.স.)। অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত লাভ জেহাদ ৰ ঘটনা ।লাভ জেহাদত অভিযুক্ত নুৰ হুচেইনক গ্ৰেপ্তাৰ কৰিছে হালোৱাটিং আৰক্ষীয়ে।এই নুৰ হুছেইনে নিজৰ পৰিচয় লুকুৱাই হালোৱাটিং বজাৰৰ পৰা ২২ বছৰীয়া এগৰাকী যুৱতীক পলুৱাই নিছিল।যোৱা ১৯ এপ্ৰিলৰ নিশাৰে পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল হালোৱাটিং আৰক্ষী থানাত ।
পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা অভিযোগ অনুসৰি নুৰ হুছেইনে নিজৰ প্ৰকৃত পৰিচয় আৰু ধৰ্মীয় পৰিচয় লুকুৱাই ৰাখিছিল আৰু যুৱতীগৰাকীক নিজকে এজন হিন্দু ল'ৰা বুলি চিনাকি দিছিল । এইটো নুৰ হুছেইনে হিন্দু যুৱতীগৰাকীক বহি:ৰাজ্যলৈ নিবৰ কাৰণে প্ৰচেষ্টা চলাওতেই বৰঝাৰ বিমান বন্দৰত আৰক্ষীৰ হাতত ধৰা পৰে।দুয়োকে ইতিমধ্যে হালোৱাটিং আৰক্ষীৰ এটা দলে বৰঝাৰ বিমান বন্দৰৰ পৰা কৰায়ত্ব কৰি সাক্ষ্য গ্ৰহণৰ বাবে শিৱসাগৰ জিলা আদালতলৈ প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ