ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত পদবিল ডাৱাং বুথুৱাত গছ পুলি ৰোপণ
কোকৰাঝাৰ, ০৫ জুন (হি.স.)। আজি ৫ জুন৷বিশ্ব পৰিৱেশ দিৱস৷ ৫ জুন তাৰিখে সমগ্ৰ বিশ্বই বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে৷ বিশ্ব জুৰি গোলকীয় উঞ্চতা বৃদ্বি ,উদ্যোগীকৰণ, নগৰীকৰণ আৰু বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি সকাহ দিয়া তথা গছ
ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত পদবিল ডাৱাং বুথুৱাত গছ পুলি ৰোপণ


কোকৰাঝাৰ, ০৫ জুন (হি.স.)। আজি ৫ জুন৷বিশ্ব পৰিৱেশ দিৱস৷

৫ জুন তাৰিখে সমগ্ৰ বিশ্বই বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে৷

বিশ্ব জুৰি গোলকীয় উঞ্চতা বৃদ্বি ,উদ্যোগীকৰণ,

নগৰীকৰণ আৰু বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি সকাহ দিয়া তথা গছ পুলি ৰোপণৰ সুফল সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰে৷

কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্ততো শুক্ৰবাৰে চৰকাৰী-বেচৰকাৰী বিভিন্ন দল-সংগঠনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ সতে সংগতি ৰাখি গছ পুলি ৰোপণ কৰা হয়৷

ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত পদবিল ডাৱাং বুথুৱা আৰু ছিখনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানৰ দীঘলী খালাছীত গছ পুলি ৰোপণ কৰা হয়৷

দুয়োটা কাৰ্যসূচীত ৰাজ্যৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই উপস্থিত থাকি গছ পুলি ৰোপণ পৰে৷

উল্লেখ্য যে গছপুলি ৰোপণ কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ উপৰিও বড়ো নেছনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনছু,বন বিভাগ,ছিখনা জৌহৌলাউ মাল্টিপাৰপাছ কো-অপাৰেটিভ ছছাইটিৰ সদস্য সকলেও অংশ গ্ৰহণ কৰে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande