কামপুৰতো বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন
নগাঁও, ০৫ জুন (হি.স.)। কামপুৰতো বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰা হয় ৷ কামপুৰ জেষ্ঠ নাগৰিক সভা আৰু কামপুৰ পৌৰসভা যৌথ উদ্যোগত কামপুৰ ৰেল''ৱে কলনি পাৰ্কত এশৰো অধিক গছপুলি ৰোপন কৰা হয় ৷ পুৱা প্ৰয়াত শিল্পী ড০ ভূপেন হাজৰিকা আৰু হাৰ্টথ্
কামপুৰতো বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন


নগাঁও, ০৫ জুন (হি.স.)। কামপুৰতো বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰা হয় ৷ কামপুৰ জেষ্ঠ নাগৰিক সভা আৰু কামপুৰ পৌৰসভা যৌথ উদ্যোগত কামপুৰ ৰেল'ৱে কলনি পাৰ্কত এশৰো অধিক গছপুলি ৰোপন কৰা হয় ৷

পুৱা প্ৰয়াত শিল্পী ড০ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনায় বৃক্ষৰোপন কাৰ্যসূচী আৰম্ভ কৰে ৷ অনুষ্ঠানত কামপুৰ পৌৰ সভাৰ বিষয়ববীয়া সকলৰ লগতে কামপুৰ অঞ্চলৰ জেষ্ঠ নাগৰিক সকল উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande