
শোণিতপুৰ, ০৫ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস উদযাপন।সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন জিলাত বিশ্ব পৰিবেশ দিৱস উপলক্ষে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।
চতিয়াত বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি দুই তিনি দিনৰ ভিতৰত ৰোপণ কৰা হ'ব ৩০/৪০হাজাৰ গছ পুলি। এইদৰে সংবাদ মাধ্য়মৰ আগত উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু