হাজো প্ৰেছ ক্লাবত কণ্ঠশিল্পী দিগন্ত মালাকাৰৰ ৰোপনৰ অংকুৰণৰ শীৰ্ষক এটি আধুনিক গীত মুকলি
কামৰূপ, ০৫ জুন (হি.স.)। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হাজো প্ৰেছ ক্লাবত কণ্ঠশিল্পী দিগন্ত মালাকাৰৰ ৰোপনৰ অংকুৰণৰ শীৰ্ষক এটি আধুনিক গীত মুকলি কৰা হয়। গীতটিৰ বিষয়ে কণ্ঠশিল্পী দিগন্ত মালাকাৰে কয় প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক অতি গভীৰ। কি
হাজো প্ৰেছ ক্লাবত কণ্ঠশিল্পী দিগন্ত মালাকাৰৰ ৰোপনৰ অংকুৰণৰ শীৰ্ষক এটি আধুনিক গীত মুকলি


কামৰূপ, ০৫ জুন (হি.স.)।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হাজো প্ৰেছ ক্লাবত কণ্ঠশিল্পী দিগন্ত মালাকাৰৰ ৰোপনৰ অংকুৰণৰ শীৰ্ষক এটি আধুনিক গীত মুকলি কৰা হয়। গীতটিৰ বিষয়ে কণ্ঠশিল্পী দিগন্ত মালাকাৰে কয় প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক অতি গভীৰ। কিন্তু বৰ্ধিত জনসংখ্যা, নগৰীকৰণ আৰু আধুনিকীকৰণৰ ফলত প্ৰাকৃতিক পৰিৱেশে আজি এক ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে।

এই সংকটৰ পৰা পৃথিৱীখনক ৰক্ষা কৰাৰ বাবে আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে গীতৰ মাজেৰে মনৰ ভাবখিনি প্ৰকাশ কৰা হৈছে। গীতটিৰ শুভমুক্তি অনুষ্ঠানত অসমৰ অৱসৰী মুখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰ, হাজোৰ কাছ বিশেষজ্ঞ হিচাপে খ্যাত প্ৰণৱ মালাকাৰ, বিশিষ্ট সমাজকৰ্মী শৰৎ নায়ক বিশিষ্ট কণ্ঠশিল্পী ধ্ৰুৱজ্যোতিৰ লগতে অৰ্ধশতাধিক লোক উপস্থিত থাকে। গীতৰ দৃশ্য গ্ৰহণ আৰু ভিডিঅ' সম্পাদনা কৰিছে ত্ৰৈলোক্য মজুমদাৰে। আনহাতে গীতটিৰ সংগীত সৌৰভ কুমাৰ দাসৰ। অনুষ্ঠানৰ আৰম্ভণিতে কণ্ঠশিল্পী দিগন্ত মালাকাৰে অতিথিসকলক ফুলাম গামোচা আৰু এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন জনায়। আশা কৰা হৈছে দিগন্ত মালাকাৰৰ এই গীতটো শ্ৰোতা দৰ্শকে আদৰি ল'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande