শ্ৰীৰামপুৰত বাঁহৰ ছিন্ডিকেটক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত
কোকৰাঝাৰ, ৫ জুন (হি.স.)। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত বাঁহৰ ট্ৰাকৰ পৰা ছিন্ডিকেট সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি পৰিস্তিতি উত্তপ্ত হৈ পৰিছে। অসমৰ পৰা বহি ৰাজ্যলৈ যোৱা প্ৰতিখন বাহৰ ট্ৰাকৰ পৰা তিনি হাজাৰ টকা চিন্ডিকেট সংগ্ৰহ কৰাৰ অভিযোগ।চিন্ডিকেট চক্ৰই দাব
শ্ৰীৰামপুৰত বাঁহৰ ছিন্ডিকেটক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত


কোকৰাঝাৰ, ৫ জুন (হি.স.)। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত বাঁহৰ ট্ৰাকৰ পৰা ছিন্ডিকেট সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি পৰিস্তিতি উত্তপ্ত হৈ পৰিছে।

অসমৰ পৰা বহি ৰাজ্যলৈ যোৱা প্ৰতিখন বাহৰ ট্ৰাকৰ পৰা তিনি হাজাৰ টকা চিন্ডিকেট সংগ্ৰহ কৰাৰ অভিযোগ।চিন্ডিকেট চক্ৰই দাবী কৰা ধন নিদিলে ট্ৰাক আবদ্ধ কৰাৰ অভিযোগ।চিন্ডিকেটৰ ধন নিদিয়াৰ বাবে বিগত তিনি দিনৰ পৰা বাঁহৰ ট্ৰাক আবদ্ধ কৰি ৰাখিছে শ্ৰীৰামপুৰত। চিন্ডিকেটৰ বিৰুদ্ধে বাহৰ মালিক সন্থাই শ্ৰীৰামপুৰত প্ৰতিবাদ সাব্যস্ত কৰে মালিক সন্থাই প্ৰতিবাদ কৰাৰ সময়তে গুন্ডা বাহিনীয়ে প্ৰতিবাদকাৰী সকলক আক্ৰমন কৰাৰ অভিযোগ। এই ঘটনাত দুজন লোক আহত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande