ধুবুৰী গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা
ধুবুৰী, ০৫ জুন (হি.স.)। ধুবুৰী গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত মহিলাসহ আহত কেইবাজন। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি। ধুবুৰী জিলাৰ গৌৰীপুৰ থানৰ মাটিয়াবাগৰ আনিচুৰ ৰহমানৰ বাসগৃহ চালৰ বৰষুণ পানীৰ চুবুৰীয়া মালেক শেখৰ ঘৰৰ দেৱালত পৰি বিনিষ্ট হোৱাত চু
ধুবুৰী গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা


ধুবুৰী, ০৫ জুন (হি.স.)। ধুবুৰী গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা।

মাৰপিটত মহিলাসহ আহত কেইবাজন।

আহত কেইজনক চিকিৎসালয়ত ভৰ্তি।

ধুবুৰী জিলাৰ গৌৰীপুৰ থানৰ মাটিয়াবাগৰ আনিচুৰ ৰহমানৰ বাসগৃহ চালৰ বৰষুণ পানীৰ চুবুৰীয়া মালেক শেখৰ ঘৰৰ দেৱালত পৰি বিনিষ্ট হোৱাত চুবুৰী মালেক সেখে আনিচুৰ ৰহমানক অৱগত কৰাত আনিচুৰ ৰহমানে বাণীদুৰ ৰহমান,আইনুল হক আৰু মালেকা খাতুনক লগত হৈ মালেক শেখৰ পৰিয়াল কেইবাজনক মাৰপীঠ কৰি গুৰুতৰ ভাবে আহত কৰাৰ গুৰুতৰ অভিযোগ দাখিল হৈছে।

গুৰুতৰ ভাবে আহত ব্যক্তি কেইজনক গৌৰীপুৰৰ ব্যক্তিগত চিকিৎসালয় পপুলাৰ হস্পিতালত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande