

গুৱাহাটী, ০৫ জুন (হি.স.)। ডিমৰীয়াত গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে প্ৰাণৰ শিল্পী জুবীন গাৰ্গৰ সোঁৱৰণত অংশগ্ৰহণ কৰিলে এলানি গছপুলি ৰোপণ কাৰ্যসূচীত। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডিমৰীয়াৰ ডেফ'ডিল নাৰ্চাৰী আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় এই গছপুলি ৰোপণ কাৰ্যসূচী।
ডিমৰীয়া মহাবিদ্যালয়, ক্ষেত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়, ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু সোণাপুৰ মহাবিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি সজল সোঁৱৰণ কৰে প্ৰাণৰ শিল্পীক। জুবিন গাৰ্গৰ আদৰ্শৰে সমগ্ৰ ডিমৰীয়াৰ লগতে অসমভূমিক সেউজ কৰি তোলাৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ।
গছপুলি ৰোপণ কৰাৰ পূৰ্বে ঈশ্বৰ পুত্ৰৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পন কৰে গৰিমা শইকীয়া গাৰ্গে।
হিন্দুস্থান সমাচাৰ / Narayan Kar