
গুৱাহাটী, ০৫ জুন(হি.স.)। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা৷ জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ উক্ত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোক নিহত হয় ৷ নিহত লোক কেইজনক গোৱালপাৰাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডটোৰ ফলত উক্ত পৰিয়ালটোৰ চাৰি সদস্য নিহত হোৱাৰ লগতে ভস্মীভুত হৈ যায় তেওঁলোকৰ বাসগৃহটো ৷ অগ্নিকাণ্ডত জাহ যায় আন এটা বাসগৃহও ৷
স্থানীয় লোকে জানিব দিয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে উক্ত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক । খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপন কৰিব সক্ষম হয় ।
উল্লেখযোগ্য যে, অগ্নিদগ্ধ হৈ নিহত হোৱা লোক কেইগৰাকী হৈছে- কুড্ডুছ আলী, কাজলী বেগম, ছফিকুল আলী আৰু চাহিদ আলী। ইয়াৰে ভিতৰত শিশু আছে। এখন হোটেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ। তাৰোপৰি শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰে একাংশ লোকে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ