মাজুলীত কৃষকৰ হাহাকাৰ
মাজুলী, ০৫ জুন (হি.স.)। মাজুলীত কৃষকৰ হাহাকাৰ। ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ নদীদ্বীপ মাজুলীত কৃষি আন্দোলনক আগবঢ়াই নিয়া এগৰাকী সক্ৰিয় আছু নেতা তথা কৃষকৰ চকুৰ পৰা নিগৰিছে চকুলো। বুকুত হেজাৰ সপোন আৰু কপালৰ ঘাম মাটিত পেলাই কৰা খেতি এতিয়া পুখুৰীত পেলা
মাজুলীত কৃষকৰ হাহাকাৰ


মাজুলী, ০৫ জুন (হি.স.)। মাজুলীত কৃষকৰ হাহাকাৰ। ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ নদীদ্বীপ মাজুলীত কৃষি আন্দোলনক আগবঢ়াই নিয়া এগৰাকী সক্ৰিয় আছু নেতা তথা কৃষকৰ চকুৰ পৰা নিগৰিছে চকুলো।

বুকুত হেজাৰ সপোন আৰু কপালৰ ঘাম মাটিত পেলাই কৰা খেতি এতিয়া পুখুৰীত পেলাই দিবলগীয়া হৈছে নদীদ্বীপৰ কৃষকে। এফালে বন্যহস্তীৰ উপদ্ৰৱ, আনফালে প্ৰতিকূল বতৰ— সকলো বাধা নেওচি ফচল চপোৱাৰ পিছতো কিন্তু আজি হাঁহি নাই মাজুলীৰ কৃষকৰ মুখত। সংৰক্ষণ আৰু উচিত বজাৰৰ অভাৱত কুইণ্টলে কুইণ্টলে উৎপাদিত আলু এতিয়া পুখুৰীত বিসৰ্জন দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande