
লখিমপুৰ, ০৫ জুন (হি.স.): হাৰমতী ৰে'ল জংচনত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া নকল সোণৰ নাওঁৰ সৈতে এজনক গ্ৰেপ্তাৰ কৰা হয়।ইতিমধ্যে ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দোষী ব্যক্তি জনক লখিমপুৰৰ ৰেলৱে আৰক্ষী থানালৈ অধিক জেৰাৰ বাবে লৈ গৈছে৷
জানিব পৰা মতে স্থানীয় ৰাইজে গ্ৰাহকৰ লগত দৰদাম কৰি থকা অৱস্থাত ব্যক্তি জনক আটক কৰি ৰেলৱে আৰক্ষীক চমজাই দিয়ে৷ এতিয়ালৈকে ব্যক্তি জনৰ নাম ঠিকনা উদ্ধাৰ কৰিব পৰা নাই৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ