ছিপাঝাৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
দৰং, ০৫ জুন (হি.স.)। ছিপাঝাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ছিপাঝাৰৰ দুমুনীচকীৰ বৰনদীৰ পৰা খেদি খেদি আটক কৰে দুজন যুৱকক। পিটনিত গৈ পলাবলৈ চেষ্টা কৰিছিল যুৱক দ্বয়ে। আৰক্ষীয়ে গুলিওৱাৰ ভাবুকি দিয়াত আত্মসমৰ্পন কৰে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত অভিযুক্
ছিপাঝাৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ


দৰং, ০৫ জুন (হি.স.)। ছিপাঝাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

ছিপাঝাৰৰ দুমুনীচকীৰ বৰনদীৰ পৰা খেদি খেদি আটক কৰে দুজন যুৱকক।

পিটনিত গৈ পলাবলৈ চেষ্টা কৰিছিল যুৱক দ্বয়ে।

আৰক্ষীয়ে গুলিওৱাৰ ভাবুকি দিয়াত আত্মসমৰ্পন কৰে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত অভিযুক্ত যুৱক দ্বয়ে।

আৰক্ষীয়ে আটক কৰা যুৱকদ্বয়ৰ বৰ্তমানলৈ পৰিচয় লাভ কৰা নাই।

ছিপাঝাৰৰ দুমুনিচকীত স্বেচ্ছাসেৱী অনুষ্ঠান পোহৰ আৰু স্থানীয় ৰাইজৰ দ্বাৰা আটক কৰা দুই যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছৰ পাঁচটাকৈ কণ্টেইনাৰ।

উক্ত ঘটনাই চেপা উত্তেজনা বিৰাজ কৰিছে।

ঘটনাৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande