
তিনিচুকীয়া, ০৫ জুন (হি.স.)। শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণক শিশু প্ৰজ্ঞা বৈভৱ বঁটা - ২০২৬ প্ৰদান৷
অসমৰ এগৰাকী বিশিষ্ট শিল্পী, লেখক, সমাজসেৱক তথা সদৌ অসম মইনা পাৰিজাতৰ দ্বাৰা শিশু ভাস্কৰ উপাধিৰে বিভূষিত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰঙাজান গাঁৱৰ শিশু ভাস্কৰ হেমন্ত ৰাজ মৰাণক শিশু সকলৰ হকে সাংস্কৃতিক, সাহিত্য আৰু সামাজিক দিশত বিশেষভাৱে সেৱা আগবঢ়োৱাৰ বাবে অসমৰ অগ্ৰণী মহিলা অনুষ্ঠান সুগন্ধি মহিলা মঞ্চই প্ৰদান কৰে শিশু প্ৰজ্ঞা বৈভৱ বঁটা - ২০২৬।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু