

গুৱাহাটী, ০৫ জুন (হি.স.)। ডিমৰীয়াৰ হত্যাকাণ্ডৰ নতুন মোৰ। প্ৰেমিকেই অতি নৃশংসভাৱে হত্যা কৰিছিল দুৰ্ভগীয়া যুৱতী গৰাকীক। বুধবাৰে দিনৰ ভাগত ম'বাইল দিয়াৰ চলেৰে নিজ গৃহৰ পৰা লৈ আনিছিল সুস্মিতা মণ্ডল(১৮) নামৰ যুৱতী গৰাকীক প্ৰেমিক বিপুল মল্লিকে(২২)।
হত্যাকাণ্ডৰ বলি হোৱা যুৱতী সুষ্মিতা মণ্ডলৰ পিতৃয়ে জনোৱা অনুসৰি প্ৰায় দুবছৰ পূৰ্বৰ পৰাই প্ৰেমৰ সম্পৰ্ক আছিল অভিযুক্ত যুৱক বিপুল মল্লিকৰ সৈতে। পূৰ্বে নীতি বহিৰ্ভূতভাৱে কিশোৰী অৱস্থাতে যুৱতী গৰাকীক পলুৱাই নিয়াৰ অপৰাধত ৰঙাঘৰৰ আলহী হৈছিল অভিযুক্ত যুৱকজন।
পৰৱৰ্তী পৰ্যায়ত কাৰাগাৰৰ পৰা মুকলি হৈ আহি যুৱতী গৰাকীক ফুচুলাই স্থাপন কৰিছিল প্ৰেমৰ সম্পৰ্ক। পূৰ্বৰ জেলফেৰৎ হোৱাৰ আখেজ পূৰণ কৰাৰ বাবেই এনেদৰে হত্যা কৰাৰ দাবী যুৱতী গৰাকীৰ পৰিয়ালৰ। সম্প্ৰতি অভিযুক্ত বিপুল মল্লিকৰ সন্ধানত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই হত্যাকাৰী।
ঘটনাস্থলীত নিশাই ফৰেনচিক আৰু চিআইডিৰ দল উপস্থিত হৈ সকলো নমুনা সংগ্ৰহ কৰিছে। উল্লেখ্য যে কালি সন্ধিয়া গাও ডিমৰীয়াৰ নিৰ্জন পথাৰত যুৱতী গৰাকীৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ডিমৰীয়াতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar