ডিমৰীয়াত যুৱতীৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ০৫ জুন (হি.স.)। ডিমৰীয়া সমষ্টিৰ গাঁও ডিমৰীয়াত চাঞ্চল্য। বৃহস্পতিবাৰে গধূলি পথাৰৰ নিৰ্জন স্থানত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ। ক''লা জীনচ আৰু টী চাৰ্ট পৰিহিত যুৱতী গৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট। মৃতদেহৰ সমীপত পলিথিনেৰে বন্ধা অৱস্থাত উদ
ডিমৰীয়া সমষ্টিৰ গাঁও ডিমৰীয়াত চাঞ্চল্য,,


ডিমৰীয়া সমষ্টিৰ গাঁও ডিমৰীয়াত চাঞ্চল্য,,


গুৱাহাটী, ০৫ জুন (হি.স.)। ডিমৰীয়া সমষ্টিৰ গাঁও ডিমৰীয়াত চাঞ্চল্য। বৃহস্পতিবাৰে গধূলি পথাৰৰ নিৰ্জন স্থানত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ।

ক'লা জীনচ আৰু টী চাৰ্ট পৰিহিত যুৱতী গৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট। মৃতদেহৰ সমীপত পলিথিনেৰে বন্ধা অৱস্থাত উদ্ধাৰ যুৱতী গৰাকীৰ চেণ্ডেল ।কোনো বাট-পথ নোহোৱা স্থানত কেনেদৰে যুৱতীগৰাকী আহিল তাক লৈয়ো সৃষ্টি হৈছে ৰহস্য।

সন্ধিয়া গৰখীয়াই গৰু নিবলৈ আহোতে যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি গাঁও প্ৰধানক খবৰ দিয়াত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ আগঢ়াইছে তদন্ত। নিশাই ঘটনাস্থলীলৈ মহানগৰীৰ পৰা ফৰেনচিক বিশেষজ্ঞৰ এটি দল উপস্থিত পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰে।

এয়া হত্যাকাণ্ড নে আন কিবা এতিয়াও স্পষ্ট হোৱা নাই

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande