ডিমৰীয়াৰ ডেফ'ডিল গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ বিশ্ব পৰিৱেশ দিৱস পালন
গুৱাহাটী, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰিও উলহ-মালহেৰে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মাজতে ডেফ''ডিল গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ উদ্যোগত আজি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰি সংযোগী পথচোৱাত নাহৰ গছ
ডিমৰীয়াৰ ডেফ'ডিল গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ বিশ্ব পৰিৱেশ দিৱস পালন


ডিমৰীয়াৰ ডেফ'ডিল গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ বিশ্ব পৰিৱেশ দিৱস পালন


গুৱাহাটী, ০৫ জুন (হি.স.)। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰিও উলহ-মালহেৰে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মাজতে ডেফ'ডিল গ্ৰুপ অৱ ইনষ্টিটিউচনছৰ উদ্যোগত আজি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰি সংযোগী পথচোৱাত নাহৰ গছ ৰোপণেৰে নামাকৰণ কৰা হ'ল জুবিন-নাহৰ পথেৰে।

ক্ষেত্ৰীস্থিত ডেফ'ডিল কলেজ অৱ হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ এণ্ড টেকন'লজি আৰু ডেফ'ডিল নাৰ্চাৰী (অ'ল্ড)-ৰ সহযোগত আয়োজন কৰে এই বিশেষ কাৰ্যসূচীৰ। এইবাৰৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতিৰ প্ৰেৰণাৰে জলবায়ু কৰ্মসূচী, আমাৰ ভৱিষ্যতৰ বাবে।

পুৱাৰে পৰা অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিশিষ্ট কৃষিবিজ্ঞানী ড০ হেমেন্দ্ৰ নাথ ভট্টাচাৰ্য্য মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

গছপুলি ৰোপণৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানটোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande