
নতুন দিল্লী, ০৫ জুন (হি.স.)। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ দেশতে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সকলো নেতাই পৰিৱেশ সুৰক্ষা, বৃক্ষৰোপণ, জৈৱ বৈচিত্ৰ্য বৃদ্ধি, আৰু বহনক্ষম উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি নাগৰিকসকলক প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে বিশ্ব পৰিবেশ দিৱসত শুভেচ্ছা জ্ঞাপন কৰাৰ সময়ত ভাৰতীয় সভ্যতাত প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ পৰম্পৰাক আলোকপাত কৰে। তেওঁ কয় যে প্ৰাচীন তামিল গ্ৰন্থ থিৰুক্কুৰালৰ বাৰ্তা, সম্পদৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু সকলো জীৱৰ সুৰক্ষা আজি পূৰ্বতকৈ অধিক প্ৰাসংগিক। তেওঁ পৰিৱেশ সুৰক্ষাক নিজৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আৰু বহনক্ষম উন্নয়নৰ নীতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে পৰিৱেশ কেৱল মানৱ জীৱনৰ ভেটি নহয়, ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমাৰ সৰ্বোচ্চ দায়িত্ব। তেওঁ ব্যাখ্যা কৰে যে ভাৰতীয় সংসদে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰিছে। সংসদ কমপ্লেক্সত কাগজবিহীন কাম-কাজ, একক ব্যৱহাৰৰ প্লাষ্টিক নিষেধাজ্ঞা, সেউজীয়া সংসদ ভৱন, আৰু পৰিষ্কাৰ কেম্পাছ আদি কেইবাটাও পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা, বহনক্ষম উন্নয়ন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য সফলতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ নামত এজোপা গছ অভিযানক গণ আন্দোলন বুলি অভিহিত কৰি তেওঁ দেশবাসীক অধিক গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে পৰিৱেশ সুৰক্ষা আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ আঙুলিয়াই দিয়ে যে দেশখন আজি বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম নবীকৰণযোগ্য শক্তিৰ ক্ষমতা আছে। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান, সৌৰশক্তি সম্প্ৰসাৰণ, আৰু বনাঞ্চলৰ আৱৰণ বৃদ্ধিক ভাৰতৰ বাবে উল্লেখযোগ্য কৃতিত্ব বুলি অভিহিত কৰি শ্বাহে কয় যে এই প্ৰচেষ্টাসমূহে পৰিৱেশ সংৰক্ষণ আৰু অৰ্থনৈতিক উন্নয়ন দুয়োটাকে ত্বৰান্বিত কৰিছে।
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই উপলক্ষে কয়, গছ ৰোপণ মানে জীৱন ৰোপণ। বৃক্ষৰোপনক পৰিৱেশ সুৰক্ষাৰ আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায় বুলি অভিহিত কৰি তেওঁ মানুহক যিমান পাৰি সিমান গছ ৰোপণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পৃথিৱীখন সুৰক্ষিত আৰু সুষম কৰি ৰাখিবলৈ প্ৰতিজন নাগৰিকে এই দিশত অৰিহণা যোগাব লাগে।
কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক সামূহিক প্ৰতিশ্ৰুতিৰ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিজন ব্যক্তিৰ সৰু প্ৰচেষ্টাইও সেউজ, পৰিষ্কাৰ, আৰু সুস্থ ভৱিষ্যত গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত ৰাজ্যজুৰি বৃক্ষৰোপণ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। লক্ষ্ণৌৰ মহৰ্ষি চৰক ঔষধি অৰণ্য, স্বচ্ছ বায়ু ব্যৱস্থাপনা প্ৰকল্প, ১০০টা জলাশয়ৰ অধিসূচনা আৰু বৃক্ষৰোপণ অভিযান-২০২৬ৰ ল'গ' উন্মোচন আদি কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰিৱেশ সুৰক্ষাক জনসাধাৰণৰ অংশগ্ৰহণৰ অভিযান হিচাপে গঢ়ি তোলাৰ বাবে নিৰন্তৰ কাম কৰি আছে।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই উপলক্ষে কয় যে মেগা বৃক্ষৰোপন অভিযান আৰু ৰাজধানীত ১৮খন নামো অক্সিজেন উদ্যান উদ্বোধনৰ জৰিয়তে স্বচ্ছ, সেউজ আৰু সুস্থ দিল্লী অভিযান ত্বৰান্বিত কৰা হৈছে। দিল্লীবাসীক মাতৃৰ নামত এজোপা গছ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ভাৰতীয় সংস্কৃতিত প্ৰকৃতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে পানী, বনাঞ্চল, আৰু ভূমি সংৰক্ষণ কৰাটো আমাৰ ভাগ-বতৰা দায়িত্ব। তেওঁ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই কয় যে স্বচ্ছ পৰিৱেশ, সেউজ উন্নয়ন, আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে বৃক্ষৰোপণ, পানী সংৰক্ষণ, আৰু প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰ অতি প্ৰয়োজনীয়। তেওঁ পৰিৱেশ সুৰক্ষাক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়।
উল্লেখযোগ্য যে ১৯৭৩ চনৰ ৫ জুনত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হৈছিল। ১৯৭২ চনত অনুষ্ঠিত ষ্টকহোম সন্মিলনৰ সিদ্ধান্তৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উদ্যোগত এই দিৱসটো আৰম্ভ কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্বজুৰি এই দিৱস পালন কৰি পৰিৱেশ সুৰক্ষা, জলবায়ুৰ ভাৰসাম্য, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে উদযাপন কৰা হয়।
দৰাচলতে বিশ্ব পৰিবেশ দিৱস কেৱল আনুষ্ঠানিক অনুষ্ঠান নহয়, পৃথিৱী আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক সামূহিক সংকল্প। এইবাৰো দেশৰ শীৰ্ষ নেতৃত্বই পৰিৱেশ সুৰক্ষাক জনসাধাৰণৰ অংশগ্ৰহণৰ সৈতে সংযোগ কৰি প্ৰকৃতিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰতিজন নাগৰিকক বাৰ্তা প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া