গান্ধী জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা, এজন শিক্ষকৰে চলিছে পাঠদান
তামুলপুৰ, ০৫ জুন (হি.স.)। তামুলপুৰ জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ড গান্ধী জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ গোহালী সদৃশ পৰিবেশ। শিক্ষাৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ কথা চৰকাৰে বাৰে বাৰে উল্লেখ কৰি আহিছে যদিও আজিও দেখা যায় এক ভিন্ন বাস্তৱ ছবি।তেনে এক উদাহৰণ হৈছে
গান্ধী জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা, এজন শিক্ষকৰে চলিছে পাঠদান


তামুলপুৰ, ০৫ জুন (হি.স.)। তামুলপুৰ জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ড গান্ধী জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ গোহালী সদৃশ পৰিবেশ। শিক্ষাৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ কথা চৰকাৰে বাৰে বাৰে উল্লেখ কৰি আহিছে যদিও আজিও দেখা যায় এক ভিন্ন বাস্তৱ ছবি।তেনে এক উদাহৰণ হৈছে গান্ধী জ্যোতি প্ৰাথমিক বিদ্যালয়।

১৯৮৬ চনত স্থাপিত এই বিদ্যালয়খন বৰ্তমানও জৰাজীৰ্ণ অৱস্থাত । বিদ্যালয়ৰ ভৱন আৰু অন্যান্য আন্তঃগাঁথনিৰ অৱস্থা অত্যন্ত শোচনীয়। দীৰ্ঘ বছৰ পাৰ হোৱাৰ পিছতো বিদ্যালয়খনৰ প্ৰয়োজনীয় উন্নয়নমূলক কাম সম্পন্ন হোৱা নাই।উল্লেখযোগ্য যে বিদ্যালয়খনত বৰ্তমান ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে।

কিন্তু সমগ্ৰ বিদ্যালয়খনত পাঠদান কৰি আছে মাত্ৰ এজন শিক্ষকে। এজন শিক্ষকৰে একাধিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক একেলগে পাঠদান কৰিবলগীয়া হোৱাত অসুবিধাৰ সন্মুখীন হৈছে। চৰকাৰে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা কৈ থাকিলেও এই বিদ্যালয়খনৰ ক্ষেত্ৰত সেই উন্নয়নৰ প্ৰভাৱ এতিয়াও পৰিলক্ষিত হোৱা নাই।সেয়ে শীঘ্ৰে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন, পৰ্যাপ্ত শিক্ষক নিযুক্তি আৰু প্ৰয়োজনীয় সুবিধা প্ৰদানৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande